প্ৰথমবাৰৰ বাবে আই পি এলৰ মেচ অনুষ্ঠিত কৰিব আজি অসমে।

নিউজনেষ্ট ০৫ এপ্ৰিল,২০২৩ : গুৱাহাটীত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে টি-২০ সংস্কৰণৰ ক্ৰিকেটৰ জনপ্ৰিয় আই পি এল । আজি ৫ এপ্ৰিল আৰু আগন্তুক ৮ এপ্ৰিলত ঘৰুৱা দল ৰাজস্থান ৰয়েলছে ক্ৰমে পাঞ্জাৱ কিংছ আৰু দিল্লী ডেয়াৰডেভিলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব এই দুখন মেছত। ইতিমধ্যে সাজু খেলপথাৰ, সাজু প্ৰশাসন আৰু সাজু ৰাইজ । ইতিমধ্যে টিকেট বিক্ৰীৰ পৰাই প্ৰমাণ হৈছে অসমৰ ৰাইজ আই পি এলৰ দুয়োখন মেচ সন্দৰ্ভত কিমান আগ্ৰহী ।ইতিমধ্যে দুয়োটা দলৰেই প্ৰস্তুতিও সম্পূৰ্ণ হৈ উঠিছে । সন্ধিয়া ৭.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব লগীয়া মেচখনৰ বাবে ৰাজ্যৰ প্ৰশাসনে ইতিমধ্যে জাৰী কৰিছে কেইবাটাও নীতি-নিৰ্দেশনা । নিৰ্ধাৰণ কৰি দিছে বৰ্ষাপাৰালৈ অহা যোৱা কৰিব লগীয়া বাট-পথ । সমগ্ৰ ৰাজ্য মুঠতে এতিয়া আই পি এলৰ উছাহত মগ্ন।

এনেধৰণৰ আন বাতৰিসমূহ