“প্ৰমোদ বড়ো হাটাও বিটিচি বাচাও” হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচনী ৰণডংকা ।

নিউজনেষ্ট , ২১ মাৰ্চ ২০২৩, নিউজডেস্কঃ প্ৰমোদ বড়োৰ হাতৰ পৰা বিটিচি উদ্ধাৰৰ বাবে সমষ্টিয়ে সমষ্টিয়ে হাগ্ৰামা মহিলাৰীৰ বিশাল পদযাত্ৰা আৰু জনজাগৰণ সভা ।

আজি গোৰেশ্বৰ আৰু শুক্লাই চেৰফাং দুই সমষ্টিত দুখনকৈ বিশাল জনজাগৰণ সভাত উপস্থিত বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী ।

গোৰেশ্বৰৰ বঙেনাআটি সত্ৰ আৰু শুক্লাই চেৰফাংৰ মহৰিপাৰাত বিশাল পদযাত্ৰাৰে শক্তি প্ৰদৰ্শন হাগ্ৰামা মহিলাৰীৰ ।

দুয়োখন সভাতে মহিলাৰীয়ে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক তীব্ৰ ভাষাৰে সমালোচোনা কৰে ।

মহিলাৰীয়ে ভাষণ প্ৰসংগত কয়, ” আমি তিনি বছৰ চালো। এতিয়া আৰু বিটিচি ধ্বংস হবলৈ নিদিও,বিটিচি উদ্ধাৰৰ বাবে আমি লাগিছো ।”

“প্ৰমোদ বড়োই বিটিচিত উচ্ছেদ কৰিলেও আপোনালোকে কতো যাব নালাগে ,উচ্ছেদৰ পিছদিনাই আমি বিপিএফ দলে আপোনালোকক থকাৰ ব্যৱস্থা কৰি দিম”-হাগ্ৰামা মহিলাৰী ।

এনেধৰণৰ আন বাতৰিসমূহ