পৰ্ণতাৰকাক উৎকোচ দিয়াৰ গোচৰত গ্ৰেপ্তাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ট্ৰাম্প!

নিউজনেষ্ট ০৫ এপ্ৰিল,২০২৩ : গ্ৰেপ্তাৰ হ’ল প্রাক্তন মার্কিন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্প। মঙলবাৰে নিশা নিউয়ৰ্কৰ মেনহাটন আদালতত তেওঁ আত্মসমর্পণ কৰাৰ কথা আছিল। তাৰ পূৰ্বে আদালতৰ নির্দেশ মৰ্মে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে প্ৰাক্তন ৰাষ্ট্ৰপতিজনক। তাৰ পাছতে আৰম্ভ হয় শুনানি। কটকটীয়া নিৰাপত্তা ব্যৱস্থা আৰু বিশ্বৰে সংবাদ মাধ্যমৰ তুমুল উত্তেজনাময় পৰিৱেশৰ মাজত ট্রাম্পৰ আদালতত আজি উপস্থিতিক ঐতিহাসিক বুলি কোৱা হৈছিল।আদালত চৌহদত ট্রাম্পৰ প্ৰৱেশৰ পূৰ্বৰে পৰা বিৰোধী প্রতিবাদীসকলে বিভিন্ন সমদল কৰি শ্ল’গান আদি দি আছিল। এলানি অপৰাধ গোচৰত অভিযুক্ত ৭৬ বছৰীয়া ট্রাম্পে আদালতত আজি নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ চেষ্টা কৰিব বুলি চৰ্চা চলি থকাৰ মাজতে ট্রাম্পে তেওঁৰ সামাজিক এপত তেওঁৰ গ্ৰেপ্তাৰৰ সম্ভাৱনা প্রকট কৰি লিখিছিল  বাঃ তেওঁলোকে মোক গ্ৰেপ্তাৰ কৰিব। শেহতীয়া খবৰ অনুসৰি আদাতত প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে জামিন লাভ কৰিছে ৷ প্ৰথমবাৰৰ বাবে আমেৰিকাৰ কোনো ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এইদৰে অপৰাধমূলক ধাৰাত গোচৰ ৰুজু কৰা হ’ল। মনকৰিবলগীয়া যে ২০২৪ত মার্কিন ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰিছিল যদিও এই গোচৰে হোৱাইট হাউছলৈ তেওঁৰ পুনৰ ওভতাৰ বাট সম্পূর্ণ বন্ধ কৰিব নেকি বুলিও চর্চা চলিছে ।

এনেধৰণৰ আন বাতৰিসমূহ