বঁটা বিতৰ্কৰ পাছত অৱশেষত ক্ষমা খুজিলে জুৰী ব’ৰ্ডে!

নিউজনেষ্ট,১৫মাৰ্চ,২০২৩,নিউজডেস্কঃ বঁটা বিতৰ্কক লৈ ক্ষমা খুজিলে অসম ৰাজ্যিক চলচ্চিত্ৰ বঁটাৰ (Assam State Film Awards) জুৰী ব’ৰ্ডে। অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে জুৰী ব’ৰ্ডে। জুৰী ব’ৰ্ডৰ হৈ সদস্য তথা পৰিচালক চন্দ্ৰ মুদৈয়ে কয়, ‘‘ভুলটো হ’ব নালাগিছিল। অনিচ্ছাকৃত, অনাকাংক্ষিত ভুলৰ বাবে সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থনা। এই বঁটাটো নাহিদ আফ্ৰিনেই পাব লাগিছিল। গানৰ নামটো লিখোতে ভুল হৈ গ’ল।’’

উল্লেখযোগ্য যে ‘নিজানৰ গান’ ছবিখনৰ ‘নীলাতে লুকা–ভাকু’ শীৰ্ষক গীতটোৰ বাবে নাহিদ আফ্ৰিনক (Nahid Afrin) প্ৰদান কৰা হৈছিল শ্ৰেষ্ঠ নেপথ্য কণ্ঠশিল্পীৰ বঁটা। কিন্তু ‘নীলাতে লুকা–ভাকু’ গীতটোত কণ্ঠদান কৰা নাছিল নাহিদে। এই গীতটোত কণ্ঠদান কৰিছিল ৰূপজ্যোতি দেৱীয়ে। নাহিদে ছবিখনৰ আন এটা গীততহে কণ্ঠদান কৰিছিল। সেয়ে কণ্ঠদান নকৰা গীত এটাৰ বাবে নাহিদক কিয় এই বঁটা প্ৰদান কৰা হ’ল তাক লৈ সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। বিতৰ্কৰ পিছতে কণ্ঠশিল্পী নাহিদ আফ্ৰিনেও ছচিয়েল মিডিয়াযোগে দিছিল স্পষ্টীকৰণ।

এনেধৰণৰ আন বাতৰিসমূহ