বলীউডত শোকৰ ছাঁ!

নিউজনেষ্ট,০৯ মাৰ্চ ২০২৩,নিউজডেস্কঃ বলীউডৰ জনপ্ৰিয় ব্যক্তিত্ব সতীশ কৌশিকৰ দেহাৱসান। ৬৬ বছৰ বয়সত হাৰ্ট এটেকত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে প্ৰবীণ অভিনেতা-পৰিচালকগৰাকীয়ে। মাত্ৰ এদিন আগতে সতীশ কৌশিকে (Satish Kaushik) হোলী উপলক্ষে ৰঙীন সাজ-পোছাক পিন্ধিছিল আৰু ৭ মাৰ্চত জুহুৰ জাংকি কটেজত বলীউডৰ অন্যান্য তাৰকাৰ সৈতে পাৰ্টি কৰিছিল। ছ’চিয়েল মিডিয়াত নিজৰ ছবি পোষ্ট কৰিছিল। এই পাৰ্টিত উপস্থিত আছিল জাভেদ আখতাৰ, মহিমা চৌধুৰী, শ্বাবানা আজমী, ৰিচা চাধা, আলী ফজল আদি তাৰকা। কিন্তু নিয়তিৰ আছিল অন্য বিধান।এদিন পিছতে নিশা তেওঁৰ পৰলোকপ্ৰাপ্তি হয়। যোৱা ৯ মাৰ্চৰ পুৱা অভিনেতা অনুপম খেৰে ছ’চিয়েল মিডিয়াত এই দুখৰ খবৰটো শ্বেয়াৰ কৰিছিল। অভিনেতাজনে লিখিছে, ‘মই জানো, এই পৃথিৱীত মৃত্যু একমাত্ৰ সত্য। কিন্তু মই কেতিয়াও ভবা নাছিলোঁ যে মই জীয়াই থাকোঁতে মোৰ প্ৰিয় বন্ধুজনৰ বিষয়ে এইখিনি লিখিম! ৪৫ বছৰীয়া বন্ধুত্বৰ হঠাৎ অন্ত পৰিল। সতীশ, তোমাৰ অবিহনে জীৱন কেতিয়াও আগৰ দৰে নাথাকিব। ওম শান্তি।’

এনেধৰণৰ আন বাতৰিসমূহ