বাতিল হ’ল বিজ্ঞানৰ পৰীক্ষা!

নিউজনেষ্ট.১৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ লক্ষ্যাধিক পৰীক্ষাৰ্থীৰ বছৰজোৰা কষ্ট, উদ্বেগ, চিন্তা সকলোকে উপহাস কৰি আকৌ এবাৰ পৰীক্ষা বাতিল কৰিলে ছেবাই । ১৩ মাৰ্চ, সোমবাৰে অনুষ্ঠিত হোৱাৰ কথা আছিল মেট্ৰিকৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা । কিন্তু পৰীক্ষাৰ কেইটামান ঘন্টা পূৰ্বে অৰ্থাৎ মাজনিশা ছেবাই ঘোষণা কৰিলে এই সিদ্ধান্ত । কাৰণ সামাজিক মাধ্যমযোগে সৰ্বত্ৰে বিয়পি পৰিছিল এখন প্ৰশ্নকাকত ।

এই সন্দৰ্ভত ছেবাই ঘোষণা কৰা অনুসৰি, ৰবিবাৰে সন্ধিয়াৰ পৰা এখনি হাতে লিখা প্ৰশ্নকাকত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । গতিকে শিক্ষাৰ্থী সকল যাতে দিশহাৰা হৈ নপৰে তাৰ বাবে পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লোৱা হৈছে । অতি সোনকালেই অসম মাধ্যমিক শিক্ষা পৰিষদে বিজ্ঞানৰ পৰীক্ষাৰ বাবে পৰৱৰ্তী দিন ঘোষণা কৰিব বুলিও জনোৱা হয় ।

 

এনেধৰণৰ আন বাতৰিসমূহ