বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত!

নিউজনেষ্ট ০৪ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ বাক্সা আৰক্ষী অধীক্ষকৰ সংবাদমেল।
বাল্যবিবাহৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত।

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাতো চলি আছে বাল্যবিবাহ বিৰোধী অভিযান ।

অভিযান কালত বাক্সা জিলাত ইতিমধ্যে আটক কৰা হৈছে ১২০ গৰাকী পুৰুষ-মহিলা ।

১০৬ গৰাকী পুৰুষৰ বিপৰীতে মহিলা ১৬ গৰাকীক আটক কৰিছে বাক্সা আৰক্ষীয়ে ।

আৰক্ষী অধীক্ষক ৰাজেন সিংয়ে সংবাদমেল যোগে জানিব দিয়া অনুসৰি জিলাখনৰ মুছলপুৰ থানাত ২০ টা, বৰবৰীত ২১ টা, শালবাৰীত ১৪ টা, বৰমাত ২৮ টা, শিমলাত ২১ টা আৰু গোৱৰ্ধনাত ৪৯ টাকে ধৰি মুঠ ১৫৩ টা গোচৰ ৰুজু হয়।

এই গোচৰৰ ভিত্তিত যোৱানিশাৰে পৰা জিলাখনৰ ভিন্ন প্ৰান্তত মুঠ ১২০ গৰাকী অভিযুক্তক বাক্সা আৰক্ষীয়ে আটক কৰিছে।

ইয়াৰোপৰি অনাগত সময়তো অভিযান অব্যাহত থাকিব বুলি জানিব দিয়ে। লগতে দল সংগঠন তথা সচেতন নাগৰিকক এই অভিযানত সহায় কৰিবলৈ আহ্বান জনায় জিলা আৰক্ষী অধিক্ষক গৰাকীয়ে ৷

 

এনেধৰণৰ আন বাতৰিসমূহ