বিলাসী বাহনত গৰুৰ চোৰাং সৰবৰাহ!

নিশা বোকাখাতত জব্দ ৪টাকৈ গৰুভৰ্তি বিলাসী টেভেৰা,আটক দুজন।

নিউজনেষ্ট ১৪ মাৰ্চ ২০২৩,উত্তম কুমাৰ শৰ্মা, বোকাখাত : গো সুৰক্ষা আইনক বুঢ়া আঙুলি দেখুৱাই গৰুৰ চোৰাং সৰবৰাহৰ বাবে নিতৌ ন ন কৌশল অৱলম্বন কৰিছে সৰবৰাহকাৰীয়ে।সোমবাৰে নিশা বোকাখাতত পুনৰ জব্দ হ’ল গো ভৰ্তি এখন বিলাসী বাহন ।এক গোপন খৱৰৰ ভিত্তিত বোকাখাত আৰক্ষীয়ে চলোৱা নাকা তালাচীত জব্দ কৰা হয় উক্ত বাহনখন। জব্দ কৃত বাহনখনৰ নম্বৰ হৈছে AS01U0099। বাহনখনৰ পৰা ঠেং বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে ৪ টাকৈ গৰু। নুমলীগড়ৰ পৰা নগাঁৱৰ চাম’গুৰিলৈ গৰু কেইটা কঢ়িয়াই লৈ গৈছিল বাহনখনে।বাহনখনৰ পৰা মুনিলাল টুৰী আৰু ৰাহুল ডেভিদ নামৰ দুজন লোকক আটক কৰাৰ লগতে এক গোচৰ ৰুজো কৰিছে বোকাখাত আৰক্ষীয়ে। উল্লেখযোগ্য যে বোকাখাতৰ ৰজাবাৰী,কুৰুৱাবাহী ,নুমলীগড় আদি বিভিন্ন স্থানৰ পৰা দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি বোকাখাতৰেই এক প্ৰভাৱশালী চক্ৰই চলাই আহিছে গৰুৰ চোৰাং সৰবৰাহ।চৰকাৰী চাকৰিয়ালৰ লগতে এটা বিশেষ ৰাজনৈতিক দলৰ কেইবাগৰাকীও সদস্য তথা এটা সংবাদ প্ৰতিষ্ঠানৰ সাংবাদিকো উক্ত প্ৰভাৱশালী চক্ৰৰে জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে। নগাঁৱ জিলাৰ চাম’গুৰিৰ একাংশ গৰু বেপাৰীৰে সুসম্পৰ্ক থকা এই প্ৰভাৱশালী চক্ৰই গৰু যোগান ধৰাৰ উপৰিও নিশা হ’লেই গৰু ভৰ্তি বাহন সমুহ বোকাখাতৰ প্ৰতিটো থানা এলেকা পাৰ কৰাই দিয়াৰ নামত এক বৃহৎ পৰিমাণৰ ধন লোৱাৰ তথ্য পোৱা গৈছে। ইফালে অবৈধ সৰবৰাহৰ পৰিণতিত বোকাখাতত কিছুদিন পূৰ্বে গাড়ীৰ ভিতৰতে ৪৮ টাকৈ পশুধনৰ মৃত্যু হোৱা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যদিও আজিও নহ’ল তাৰ সঠিক তদন্ত।কেৱল গৰু সৰবৰাহ কৰা গাড়ীৰ চালক,হেণ্ডিমেক আটক অথবা জেললৈ প্ৰেৰণ কৰিয়েই তদন্ত সামৰে আৰক্ষী প্ৰশাসনে।যাৰ বাবে বোকাখাত এতিয়া গৰুৰ অবৈধ সৰবৰাহৰ ঘাটিলৈ পৰিণত হোৱাৰ লগতে বৰ্তমানেও মুকলি আকাশৰ তলতে থাকি গৰুৰ অবৈধ সৰবৰাহৰ বৃহৎ ছিণ্ডিকেট গঢ়ি তুলিবলৈ সক্ষম হৈছে এই প্ৰভাৱশালী চক্ৰটোৱে।  প্ৰশ্ন হয় গো সুৰক্ষা আইনক চৰম ভেঙুচালি কৰি অবৈধ গৰু সৰবৰাহেৰে বোকাখাতত কোটি টকীয়া বজাৰ চলাই অহা এই প্ৰভাৱশালী চক্ৰটোৰ মুল নায়ক সকলক কেতিয়াবা নাকী লগাবলৈ সক্ষম হ’বনে বোকাখাত আৰক্ষী প্ৰশাসনে?

এনেধৰণৰ আন বাতৰিসমূহ