বিশ্বনাথ জিলাৰ গহপুৰত জলযাত্ৰা সম্পন্ন।

নিউজনেষ্ট ৬ ফ্ৰেব্ৰুৱাৰী,২০২৩: বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাৰ অন্তৰ্গত আৰিভঙ্গাস্থিত শ্ৰীশ্ৰী গিৰেশ্বৰ দেৱালয় প্ৰাঙ্গতত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী শিৱ মহাপুৰাণ জ্ঞান মহাযজ্ঞৰ সফলভাৱে সম্পন্ন হয় জলযাত্ৰা। গহপুৰৰ বুৰৈ ঘাটৰ পৰা জল তুলি টকৌবাৰী, মিছামাৰী, গমিৰিকে আদি কৰি আৰিভঙ্গাৰ বিভিন্ন অঞ্চললৈ কৰা জলযাত্ৰাত হাজাৰ হাজাৰ ভক্তপ্ৰাণ লোকে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানটোৰ ধৰ্মধ্বজা উত্তোলন কৰে ড: ধৰণী ঢুঙ্গেলে। লগতে অনুষ্ঠানটোৰ মঞ্চ উদঘাটন, দ্বিপ প্ৰজ্বলন কৰে পণ্ডিত কিশোৰ উপাধ্যায়ে। মণ্ডপ পূজন, আৰতি, পুষ্পাঞ্জলি, ভজন, কীৰ্তন আৰু প্ৰসাদ বিতৰণ কৰা হয় অনুষ্ঠানটোত।

এনেধৰণৰ আন বাতৰিসমূহ