বিশ্ব পৰ্যটন ক্ষেত্ৰ কাজিৰঙাত বহিঃৰাজ্যৰ পৰ্যটকক অপদস্থ !

উপ-সঞ্চালকৰ কাৰ্যালয়ত অভিযোগ পত্ৰ দাখিল পশ্চিম বংগৰ পৰ্যটকৰ।

নিউজনেষ্ট ১৫ মাৰ্চ ২০২৩,উত্তম কুমাৰ শৰ্মা, বোকাখাত : বিশ্ব পৰ্যটন ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে আহি স্বয়ং পৰ্যটন বিভাগৰ কৰ্মচাৰীৰ হাততেই পৰ্যটক অপদস্থ হোৱা ঘটনা সংঘটিত হৈছে এইবাৰ কাজিৰঙাত। জানিব পৰা মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শনৰ বাবে অহা পশ্চিম বংগৰ এটা ৭জনীয়া পৰ্যটকৰ দলে যোৱা দুটা দিনে বাহৰ পাতি আছিল কাজিৰঙাৰ কহঁৰাস্থিত অসম পৰ্যটন বিভাগৰ অধীনৰ বনানী নামৰ অতিথিশালাত। ইফালে সোমবাৰে নিশাৰ আহাৰ যোগান ধৰিব নোৱাৰাৰ বাবে অসন্তুষ্ট প্ৰকাশ কৰে পশ্চিম বংগৰ পৰা অহা পৰ্যটকৰ দলটোৱে।আৰু ইয়াতেই পৰ্যটকৰ দলটোক অপমান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে অতিথিশালাখনৰ কৰ্তব্যৰত কৰ্মচাৰী কমলেশ্বৰ শইকীয়া নামৰ লোকজনৰ বিৰুদ্ধে।লগতে এটা বিশেষ সম্প্ৰদায়ক উদ্দেশ্যি অশালীন মন্তব্য কৰাৰো অভিযোগ কৰ্মচাৰীজনৰ বিৰুদ্ধে। ইতিমধ্যে এই সন্দৰ্ভত কাজিৰঙাস্থিত অসম পৰ্যটনৰ উপ-সঞ্চালকৰ কাৰ্যালয়ত পশ্চিম বংগৰ পৰ্যটকৰ দলটোৱে এক লিখিত অভিযোগ পত্ৰ দাখিল কৰাৰ লগতে কৰ্মচাৰীজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়।সম্প্ৰতি কাজিৰঙাত সংঘটিত হোৱা এই লজ্জাজনক ঘটনাক লৈ চৰ্চা অব্যাহত আছে সৰ্বত্ৰে। অৱশ্যে বনানী অতিথিশালাৰ কৰ্মচাৰী কমলেশ্বৰ শইকীয়াই এই অভিযোগ নস্যাৎ কৰাৰ লগতে বহিঃৰাজ্যৰ পৰ্যটকৰ দলটোৱে উদ্দেশ্যেপ্ৰণোদিতভাৱে তেওঁৰ বিৰুদ্ধে অভিযোগ অনা বুলিহে মন্তব্য কৰিছে ।

এনেধৰণৰ আন বাতৰিসমূহ