বি টি আৰৰ কাজিগাওঁ আৰক্ষী থানাত উতপ্ত পৰিস্থিতি!

নিউজনেষ্ট ৪জুন,২০২৩ : ক্ষন্তেক পূৰ্ৱে বি টি আৰৰ পৰ্বতঝোৰা মহকুমাৰ কাজিগাওঁ আৰক্ষী থানা ঘেৰাও কৰে একাংশ ক্ষুদ্ধ জনতাই ৷ যোৱা ২৭ ইং তাৰিখে থুৰিয়া পাহাৰ গাওঁৰ অটো চালক ইনামুলে নিজ গৃহৰ পৰা আলমগঞ্জ বজাৰ অভিমুখে গৈ থকা অৱস্থাত আলমগঞ্জ তৃতীয় খণ্ড গাওঁৰ ডাম্পাৰ চালকৰ নেতৃত্বত ১২ জনীয়া এটা যুৱকৰ সঁজাতী দলে মাৰপিট কৰে ৷ মাৰপিট কৰাৰ লগতে প্ৰাণে মৰাৰ চেষ্টা চলায় ৷ আনকি টটো চালক ইনামুল হকক আবদ্ধ কৰি ৰাখে ৷ তাৰ পিছত যুৱকজনক ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ যোৱা হয় যদিও আৰোগ্য হয় আকৌ আজি হঠাত যুৱকজন অসুস্থ হৈ পৰে লগে লগে ধুবুৰী চিকিৎসালয়লৈ যোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী GMCHলৈ প্ৰেৰণ কৰে ধুবুৰী চিকিৎসকে৷ ইপিনে ৰাইজে দান বৰঙনি আগবঢ়ায়ই লৈ যায় গুৱাহাটী GMCHলৈ৷ ক্ষুদ্ধ জনতাই অপৰাধীক গেপ্তাৰ আৰু কাজিগাওঁ আৰক্ষী বিষয়াক বদলি নাইবা চাকৰীৰ পৰা নিলম্বন কৰাৰ বাবে  বিভিন্ন শ্লোগানৰে আকাশ বতাহ উত্তাল কৰি তুলে ৷ এই ঘটনাৰ খৱৰ পাই কাজিগাওঁ আৰক্ষী থানাত উপস্থিত হয় পৰ্বতঝোৰা মহকুমা আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম দুৱাৰা ৷ উপস্থিত হৈ ক্ষুদ্ধ জনতাক আশ্বাস প্ৰদান কৰে অতি সোনকালে অপৰাধীক গ্ৰেপ্তাৰ কৰা হৱ ৷

এনেধৰণৰ আন বাতৰিসমূহ