বৃদ্ধি পালে মন্ত্ৰী, বিধায়কৰ দৰমহা!

নিউজনেষ্ট,১৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ পুনৰ বৃদ্ধি পালে বিধায়কৰ দৰমহা। ৫৪ হাজাৰ টকাৰ পৰিৱৰ্তে এতিয়াৰে পৰা এজন বিধায়কে মাহে দৰমহা হিচাপে লাভ কৰিব ৯০ হাজাৰ টকা।

আনহাতে মুখ্যমন্ত্ৰীয়ে ৭২ হাজাৰৰ পৰিৱৰ্তে লাভ কৰিব ১ লাখ ৭০ হাজাৰ টকা। দিল্লী চৰকাৰৰ  আইন, ন্যায় আৰু আইনী পৰিক্ৰমা  বিভাগে দিল্লীৰ বিধায়কসকলৰ দৰমহা, ভাট্টা, পেঞ্চন আদি সংশোধনৰ বাবে জাননী জাৰি কৰিছে।

দিল্লীৰ দৰমহা, ভাট্টা, পেঞ্চন আইন ১৯৯৪ অধীনত এই জাননী জাৰি কৰা হৈছে। সেই অনুসৰি মন্ত্ৰী, বিধায়কসকলক দৰমহা, ভাট্টা, পেঞ্চনত ৬৬.৬৭ শতাংশ বৃদ্ধি কৰা হৈছে।

ইয়াৰ ফলত বিধায়কসকলৰ দৰমহা ৯০ হাজাৰ টকালৈ বৃদ্ধি পাইছে। উল্লেখ্য যে, এতিয়া দিল্লীৰ এজন বিধায়কে দৰমহা হিচাপে লাভ কৰে ৫৪ হাজাৰ টকা। আনহাতে দিল্লীৰ মুখ্যমন্ত্ৰীগৰকীয়ে এতিয়া  দৰমহা হিচাপে লাভ কৰি আছে ৭২ হাজাৰ টকা।

নতুন দৰমহা আইন অনুসৰি এতিয়াৰে পৰা তেওঁ লাভ কৰিব ১ লাখ ৭০ হাজাৰ টকা। ২০২২ ত দিল্লী বিধানসভাত বিধায়ক, মন্ত্ৰীসকলৰ দৰমহা, ভাট্টা, পেঞ্চন আদি বৃদ্ধিৰ সন্দৰ্ভত মুঠ ৫ খন বিধেয়ক গৃহীত কৰা হৈছিল।

সেই বিধেয়ক ৫ খন লেফটেনেণ্টে গৰ্ভনৰৰ জৰিয়তে ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছিল। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৫ খন বিধেয়কতেই অনুমোদন জনাইছে।

এনেধৰণৰ আন বাতৰিসমূহ