বৃহত্তৰ হাতীবাট আঞ্চলিক অখণ্ড ভাগৱতে গৰকিলে ২৯ টিকৈ বসন্ত।

নিউজনেষ্ট ২৭ মাৰ্চ ২০২৩ : মৰিগাঁও জিলাৰ হাতীবাটৰ আঞ্চলিক অখণ্ড ভাগৱত পাঠে গৰকিলে ২৯ টিকৈ বছৰ।
বিশেষকৈ পুৱা ধৰ্মধ্বজা উত্তোলন ভোজনালয়ৰ দ্বাৰ মুকলি কৰাৰ লগতে ২৮ খন গাঁৱৰ পৰা শিৰত একোখনকৈ শ্ৰীমদ্ভাগৱত পুথি লৈ বিশাল ভাগৱত ভ্ৰমণ কৰাৰ অন্তত মূল নামঘৰত থাপিত কৰে। ভাগৱত শোভাযাত্ৰাত অঞ্চলটোৰ শ শ ভকত বৈষ্ণৱ আইমাতৃ লগতে যুৱক-যুৱতীসকলে স্বতঃফুতঃভাৱে ভাগ লোৱা পৰিলক্ষিত হয়। ৰবিবাৰ পৰ্যন্ত অবিৰতভাৱে চলিবলগীয়া শ্ৰীমদ্ভাগৱতৰ পাঠ ভাগলৈ মৰিগাঁও -নগাওঁ আৰু যোৰহাট জিলাৰ পৰা বহু কেইগৰাকী পাঠাচাৰ্যক আমন্ত্ৰণ জনাইছে বুলি পৰিচালনা সমিতিৰ সম্পাদকে অৱগত কৰে।

এনেধৰণৰ আন বাতৰিসমূহ