বেদলকাৰীক উচতনি! আটক সংখ্যালঘু নেতা!

নিউজনেষ্ট,১৭ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ লাওখোৱা বুঢ়াচাপৰি অভয়াৰন্যত উচ্ছেদ চলি থকাৰ সময়তে নগাঁও আৰক্ষীয়ে কৰায়ত্ব কৰিছে এজন সংখ্যালঘু নেতাক ৷ নেতাজনৰ নাম হৈছে আবু বক্কৰ চিদ্দিক ৷ বৃহস্পতিবাৰৰ নিশা আবু বক্কৰ চিদ্দিকক আৰক্ষীয়ে কৰায়ত্ব কৰা বুলি জানিব পৰা গৈছে ৷ নগাঁৱৰ জুৰীয়াৰ পৰা কৰায়ত্ব কৰা চিদ্দিকক বৰ্তমান লাওখোৱা চৰচাপৰি আৰক্ষীৰ জিম্মাত আছে ৷

নগাঁও আৰু শোনিতপুৰ জিলা প্ৰশাসনে প্ৰায় চৈধ্য হাজাৰ বিঘা ভূমিত থকা বেদখল বিৰুদ্ধে উচ্ছেদ আৰম্ভ কৰিছিল ৷ মঙ্গলবাৰৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদৰ মাজতে আবু বক্কৰ চিদ্দিকক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ কিয়নো দিন দিয়েক পূৰ্বে চিদ্দিকৰ বিৰুদ্ধে এক গোচৰ ৰুজু হৈছিল ৷ বেদখলকাৰীক উচতনি দিয়া আৰু ধন সংগ্ৰহ কৰাৰ অভিযোগ আনি নগাঁও আৰক্ষীক এজন লোকে এজাহাৰ দাখিল কৰিছিল ৷

চৰকাৰী উচ্ছেদৰ মাজতে বৃহস্পতি বাৰে একাংশ লোকে উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৷ পুৱা ভাগত উচ্ছেদ স্থলীত কংগ্ৰেছ বিধায়ক নুৰুল হুদা উপস্থিত হৈ উচ্ছেদৰ বিৰুদ্ধে অৱস্থান লৈছিল ৷ বিয়লি ভাগত চৰকাৰী উচ্ছেদক বিৰোধীতা কৰি উচ্ছেদস্থলীত প্ৰতিবাদো সাৱস্ত কৰা হৈছিল ৷ নিশালৈ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সাধাৰন সম্পাদক আবু বক্কৰ চিদ্দিকক আৰক্ষীয়ে কৰায়ত্ব কৰে ৷

এনেধৰণৰ আন বাতৰিসমূহ