বোকাখাতত জলজীৱন মিছনৰ নামত চূড়ান্ত ভেকোভাওনা !

নিউডনেষ্ট,১৫মাৰ্চ ২০২৩,নিউজডেস্কঃ কেইবা লাখটকীয়া আঁচনি ৰূপায়ণ হোৱাৰ পাছতোএটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে এতিয়া বোকাখাতৰ ডিফলু চাহ বাগিচাৰ পাঁচ শতাধিক পৰিয়ালে। গুৰুত্ব নাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ।

 

২০২১ চনৰ ১৬ ডিচেম্বৰত প্ৰায় ৭০লাখ টকীয়া অসম চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ বোকাখাত সংমণ্ডলৰ অধীনৰ ডিফলু গ্ৰান্ট পানী যোগান আঁচনিটোক জলজীৱন মিছনৰ পুনৰ সংযোজিত আঁচনি হিচাপে মুকলি কৰে অসম চৰকাৰৰ কৃষি আৰু পশুপালন বিভাগৰ মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাই।

ডিফলু চাহ বাগিচাৰ প্ৰায় ৪২১টা পৰিয়ালক সামৰি বিশুদ্ধ খোৱাপানী যোগানৰ নামত মুকলি হোৱা উক্ত আঁচনিটোৱে আজিও কিন্তু উপকৃত কৰিব নোৱাৰিলে ডিফলু বাসী ৰাইজক।

 

দুটা বছৰ পূৰ্বে মুকলি কৰা উক্ত আঁচনিৰ পৰা আজি পৰ্যন্ত এটুপি খোৱা পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই ডিফলু চাহ বাগিচাৰ ৰাইজে।

পানী যোগানৰ নামত কেৱল পানীৰ টেপ বহুৱাই দ্বায়িত্ব সামৰাৰ অভিযোগ বিভাগীয় লোকৰ বিৰুদ্ধে।

 

উল্লেখযোগ্য যে ডিফলু চাহ বাগিছা কৰ্তৃপক্ষই শ্ৰমিক ৰাইজৰ বাবে পানী যোগানৰ ব্যৱস্থা কৰি আহিছে যদিও ডিফলু নৈৰ পৰা সংগ্ৰহ কৰি যোগান ধৰা উক্ত পানী দূষিত তথা বোকা মিহলি হোৱাৰ অভিযোগ শ্ৰমিক ৰাইজৰ।

ইফালে ডিফলু নৈৰ বোকা মিহলি তথা অপৰিস্কাৰ পানীকেই দীৰ্ঘদিনৰ পৰা সেৱন কৰি অহাৰ ফলত বিভিন্ন ৰোগত ভুগী আহিছে ডিফলু চাহ বাগিচা ৰাইজে।

অন্যহাতে চাহ বাগিছা ৰাইজক বিশুদ্ধ খোৱাপানী যোগানৰ অৰ্থে মুকলি কৰা আঁচনিৰ বৃহৎ অনিয়মক লৈ অসন্তুষ্ট হৈ পৰিছে এতিয়া অঞ্চলটোৰ ৰাইজৰ লগতে অসম চাহ জনজাতি ছাত্র সন্থাৰ বোকাখাত শাখা।

 

এনেধৰণৰ আন বাতৰিসমূহ