বোকাখাতৰ সন্তান,বিশিষ্ট কবি জীৱন নৰহলৈ “যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা”।

নিউজনেষ্ট,০৯ মাৰ্চ ২০২৩,নিউজডেস্কঃ কলিকতাৰ পৰা প্ৰকাশিত ক্ষুদ্ৰ কাব্য আলোচনী ‘যাপনচিত্ৰ’ই পূৰ্ণ কৰিলে সুদীৰ্ঘ ২০টা বছৰ।এই উপলক্ষে চলিত বৰ্ষৰ পৰা ‘যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা’ ৰ প্ৰবৰ্তন কৰি সৰ্ব প্ৰথম এই বঁটা নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ অধ্যাপক কবি জীৱন নৰহলৈ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।

উল্লেখযোগ্য যে দেশৰ কেইবাগৰাকীও বৰেণ্য কবি-সাহিত্যিকৰ দ্বাৰা গঠিত বিচাৰক মণ্ডলীয়ে কেইবাগৰাকীও কবিৰ মাজৰ পৰা জীৱন নৰহক এই বঁটাৰ বাবে নিৰ্বাচন কৰে । এই বঁটাৰ লগতে নগদ ৫০,০০০ হাজাৰ টকা মাননি হিচাপে আগবঢ়োৱাৰ কথাও উল্লেখ কৰিছে যাপনচিত্ৰ কাব্য গোষ্ঠীয়ে।

২০০২ চনতে বৰেণ্য সাহিত্যক সুনীল গঙ্গোপাধ্যায় ,যোগেন চৌধুৰী, সমিক বন্দ্যোপাধ্যায়ক উপদেষ্টা মণ্ডলী হিচাপে লৈ ক্ষুদ্ৰ কাব্য আলোচনী হিচাপে আৰম্ভ কৰা এই যাপনচিত্ৰই পৰৱৰ্তী সময়ত প্ৰকাশন গোষ্ঠী হিচাপেও আত্মপ্ৰকাশ কৰাৰ লগতে চলিত বৰ্ষৰ পৰা ‘যাপনচিত্ৰ ৰাষ্ট্ৰীয় কাব্য বঁটা’ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ।

ইফালে পোন প্ৰথমবাৰৰ বাবে কবি জীৱন নৰহে উক্ত বঁটাৰে সন্মানিত হৈ ৰাষ্ট্ৰীয় স্বীকৃতিৰে ৰাজ্যবাসীলৈ সুনাম কঢ়িয়াই আনিছে । অহা ৩১ মাৰ্চ পৰা ২ এপ্ৰিললৈ কলকতাত অনুষ্ঠিত হ’ব লগা ‘যাপনচিত্ৰ উৎসৱ’ত কবি গৰাকীক আগবঢ়োৱা হ’ব এই বঁটা।

এই পৰ্যন্ত পাঁচখনকৈ কবিতা পুথিৰ লগতে পাঁচখন অনুবাদ কাব্য গ্ৰন্থৰ উপৰিও কেইবাখনো উপন্যাস আৰু গদ্য পুথিৰ লগতে বহুকেইটা ৰোমান্টিক প্ৰৱন্ধ লিখি উলিওৱা বিশিষ্ট কবি গৰাকীয়ে কাব্য চৰ্চাৰ লগতে সুদীৰ্ঘকাল মাতৃভাষা মাধ্যমৰ হকেও নিৰন্তৰ কাম কৰি আহিছে।

এনেধৰণৰ আন বাতৰিসমূহ