বোকাখাতৰ ২নং বহিখোৱাত পুৱতি নিশা সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা!

নিউজনেষ্ট, ২৮ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ বোকাখাতৰ ২নং বহিখোৱা গাঁৱত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

পুৱতি নিশা সংঘটিত হোৱা উক্ত অগ্নিকাণ্ডৰ ফলত গাওঁখনৰ পুলিন চাৰহ আৰু কালিনাথ পেগু নামৰ লোক দুজনৰ দুটাকৈ বাসগৃহ সম্পূৰ্ণ ৰূপে জুইত জাহ যোৱাৰ লগতে জুইত ভস্মীভূত হয় লক্ষাধিক টকাৰ সা-সম্পত্তিৰ আৰু বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ।

উল্লেখযোগ্য যে ভয়ংকৰ আগ্নিকাণ্ডটোৰ পৰা কথমপি প্ৰাণৰক্ষা পৰে পৰিয়াল দুটা।

ইফালে নিশাই প্ৰতিবেশী লোকৰ লগতে অগ্নি নিৰ্বাপন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নুমাবলৈ চেষ্টা কৰে যদিও ইতিমধ্যে জ্বলি ছাই হয় বাসগৃহ দুটা।

বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলতে উক্ত অগ্নিকাণ্ডটোৰ সুত্ৰপাত হোৱা বুলি সন্দেহ কৰিছে পৰিয়াল দুটাৰ লগতে স্থানীয় গাওঁ বাসীয়ে।

ইফালে বিধ্বংসী আগ্নিকাণ্ডটোত সৰ্বস্ৰ হেৰুৱাই হাহাকাৰ কৰি উঠা পৰিয়াল দুটাক সাময়িকভাৱে আৰ্থিক সকাহ দিবলৈ আহ্বান জনাইছে গাওঁ বাসীয়ে।

এনেধৰণৰ আন বাতৰিসমূহ