বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ৩ ঘন্টীয়া বিক্ষোভ !

সত্ৰনগৰী বৰপেটাক ৰেলপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবী

নিউজনেষ্ট ১৭ আগষ্ট,মুকুতা ওজা,বৰপেটা : সত্ৰনগৰী বৰপেটাক ৰেলপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাৰ ৩ ঘন্টীয়া বিক্ষোভ ৷ সত্ৰ নগৰী বৰপেটাক ৰেলপথ আৰু চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগ কৰাৰ দাবীত স্বাধীনতা দিৱসৰ দিনটোতে বৰপেটাত আছুৰ ৩ ঘন্টীয়া বিক্ষোভ ৷ বৰপেটা আঞ্চলিক ছাত্ৰ সন্থাই আজি পুৱা ৭ বজাৰ পৰা বৰপেটা জিলা ছাত্ৰসন্থাৰ কাৰ্যালয়ত ৩ ঘন্টীয়া বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি অসমৰ শতিকা প্ৰাচীন চহৰ সত্ৰনগৰী বৰপেটাবাসীক ৰেল আৰু ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযোগৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰে ৷ বৰপেটা চহৰৰ মাজেৰে ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেল সংযোগৰ ব্যৱস্থা নথকাৰ ফলত জিলাবাসীৰ লগতে চহৰখনত চাকৰি কৰা অন্য জিলাৰ চাকৰিয়ালসকলো যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ আনহাতে ৰেলৰ ভেকুৱাম ব্ৰেক(GP BRAKE) উদ্ভাৱন কৰি ৰেললৈ উল্লেখযোগ্য অৱদান দিয়া কৰ্ণেল গুৰুপ্ৰসাদ দাসৰ জন্মচহৰ বৰপেটাক ৰেল সংযোগ কৰাৰ বাবে পূৰ্বতে কেন্দ্ৰীয় চৰকাৰে জৰীপ সম্পূৰ্ণ কৰাৰ পিচতো ৰেলপথ নিৰ্মাণৰ কাম আৰম্ভ নকৰা কাৰ্যৰো সমালোচনা কৰে আছুৱে ৷

এনেধৰণৰ আন বাতৰিসমূহ