ভয়ংকৰ প্ৰদূষণৰ গ্ৰাসত মহানগৰ !

নিউজনেষ্ট,২২ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ভয়ংকৰ প্ৰদূষণৰ গ্ৰাসত মহানগৰী। ধূলিৰে ধূসৰিত মহানগৰীৰ আকাশ। বৃদ্ধি পাইছে শ্বাস-প্ৰশ্বাস জনিত ৰোগ। GMCHত এই মুহূৰ্তত চিকিৎসাধীন হৈ আছে ২৩ টা শিশু। প্ৰতিদিনে নিজৰ কণমানি শিশুৰ চিকিৎসাৰ বাবে GMCH লৈ আহিছে পিতৃ মাতৃ। এনে অৱস্থাত শিশুসকলক ঘৰৰ ভিতৰতে ৰখাৰ পৰামৰ্শ দিছে চিকিৎসকে।

১৪ বছৰৰ তলৰ প্ৰায় শিশুয়ে আক্ৰান্ত হৈছে শ্বাস প্ৰশ্বাসজনিত ৰোগত। ২০ তাৰিখে ভৰ্তি হৈছিল ৩৬ টা শিশু। ইতিমধ্যেই সুস্থ হৈ ঘৰলৈ উভতিছে ১৩ টা শিশু। কালিৰ দিনটোত নতুনকৈ ভৰ্তি হৈছিল ৮ টা শিশু। এই মুহূৰ্তলৈ ২৩ টা শিশু ভৰ্তি হৈ আছে। আটাইকেইটা শিশু ১৪ বছৰৰ তলৰ। এই সময়ত কেনেদৰে ল’ব সাৱধানতা। GMCH ৰ শিশু বিভাগৰ সহকাৰী অধ্যাপক ডা: দিগন্ত বৰ্মনে দিছে বিভিন্ন পৰামৰ্শ।

এনেধৰণৰ আন বাতৰিসমূহ