ভাৰতত উপস্থিত জাপানৰ প্ৰধানমন্ত্ৰী!

নিউজনেষ্ট,২০ মাৰ্চ ২০২৩, নিউজডেস্কঃ  দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদা। সোমবাৰে পুৱা দিল্লীত উপস্থিত হোৱা জাপানী প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতৰ প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগত কেইবাটাও বিষয়ৰ ওপৰত গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হৈছে।

পুৱা দিল্লীত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ফুমিও কিছিদাক আদৰণি জনায়। ইয়াৰ পিছতে দুয়োগৰাকী ৰাষ্ট্ৰ নেতাই কোভিডোত্তৰ পৰিস্থিতিত বিশ্বত শান্তি প্ৰতিষ্ঠাৰ লগতে সমৃদ্ধিশালী বিশ্ব সম্পৰ্কত ভাৰত আৰু জাপানৰ কূটনৈতিক অংশীদাৰিত্ব সম্প্ৰসাৰণ কৰাৰ বাবে আলোচনা কৰে।

আনহাতে দুয়ো ৰাষ্ট্ৰ নেতাই জি-২০ প্ৰেছেডেঞ্চিৰ ওপৰতো আলোচনা কৰে। বৰ্তমান ভাৰত জি-২০ সন্মিলনৰ প্ৰেছিডেঞ্চি। আনহাতে সইয়াৰ পৰৱৰ্তী প্ৰেছিডেঞ্চি হ’ব জাপান।

দুয়ো ৰাষ্ট্ৰ নেতাৰ আলোচনাৰ মাজত বিভিন্ন গোলকীয় সমস্যায়ো স্থান লাভ কৰে। এনে বিষয়সমূহৰ ভিতৰত প্ৰতিৰক্ষা, নিৰাপত্তা, বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি আদি অন্তৰ্ভুক্ত আছে।

আনহাতে দুয়ো ৰাষ্ট্ৰ নেতাৰ আলোচনাৰ অন্তত জাপানী প্ৰধানমন্ত্ৰী গৰাকীয়ে ‘ফ্ৰী এণ্ড অপেন ইণ্ডো-পেচিফিক প্লেন ফৰ পি উন্মেচন কৰিব।

এনেধৰণৰ আন বাতৰিসমূহ