মইনা পাৰিজাতৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা!

নিউজনেষ্ট, ২৬ মাৰ্চ ২০২৩, নিউজডেস্কঃ খুমটাইৰ শেনছোৱাত গোলাঘাট জিলা মইনা পাৰিজাতৰ ৪৩ সংখ্যক দ্বি বাৰ্ষিক শিশু সমাৰোহৰ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা

# পাঁচ শতাধিক শিশুৰ কলৰৱত মুখৰিত হৈ জাতি জনগোষ্ঠীৰ মিলনভূমিলৈ পৰিণত খুমটাইৰ শেনছোৱা অঞ্চল। গোলাঘাট জিলা মইনা পাৰিজাতৰ ৪৩ সংখ্যক দ্বি-বাৰ্ষিক শিশু সমাৰোহ উপলক্ষে আধাৰসত্ৰ শেনছোৱা বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত উৎসৱমুখৰ পৰিবেশ।আজি সাংস্কৃতিক শোভাযাত্ৰাৰ দৃষ্টিনন্দন পৰিবেশে আপ্লুত কৰিছে সকলোকে । অসমৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰে আহ্লাদিত হোৱা পৰিবেশ বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাত। প্ৰকৃতি সুৰক্ষা,বিহু,জিকিৰ, ভাওনা , মাছ ধৰা ,গৰুক গা ধুওৱা,লখিমী আদৰা আদি বিভিন্ন ধৰণৰ উপস্থাপনেৰে আকৰ্ষণীয় ৰূপ দিছে শোভাযাত্ৰাত ৷ জিলাখনৰ ৮ খন আঞ্চলিক মইনা পাৰিজাতৰ প্ৰায় পাঁচ শতাধিক শিশুৱে অংশ লৈছে এই সমাৰোহত । সমাৰোহৰ তৃতীয় দিনটোৰ প্ৰথম কাৰ্যসূচী সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে সদৌ অসম ছাত্ৰসন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামীয়ে ৷ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শিশুসকলক আপ্যায়ন কৰিবলৈ পাই আনন্দিত উদ্যোক্তা সকল । শিশুসকলো মইনা পাৰিজাতৰ সমাৰোহত অংশগ্ৰহণ কৰি উৎফুল্লিত হৈ পৰিছে ৷

এনেধৰণৰ আন বাতৰিসমূহ