মঙলদৈত শিক্ষা দানৰ এক অনন্য পদক্ষেপ।

নিউজনেষ্ট ১৯ মাৰ্চ,মঙলদৈ : পশ্চিম মঙলদৈ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত অনুষ্ঠিত হল এক ব্যতিক্ৰমী কৰ্মশালা । সুন্দৰ হাতৰ আখৰ, নেওতাৰ চৰ্চা আৰু ব্ৰেইন জীম ৰ ওপৰত চাৰিদিনীয়া কৰ্মশালা । ১৫০ ছাত্ৰ ছাত্ৰীক নাগাৰা, তবলা, ঢোল লৈ নৃত্য গীতৰ জৰিয়তে নেওতা চৰ্চাৰ প্ৰশিক্ষণ । মস্তিষ্কৰ উৎকৰ্ষ সাধনৰ বাবেও দিলে বিভিন্ন ধৰণে ব্যায়াম । সৰু কথা নাজানিলে লেঠা শ্লোগান লৈ পদুম নাথৰ তত্বাৱধানত “আই’ নামৰ এটা শিক্ষা সংস্থাই বিদ্যালয়ে বিদ্যালয়ে ঘূৰি ছাত্ৰ ছাত্ৰী সকলক দি আহিছে বিভিন্ন ধৰণে শিক্ষা । গতানুগতিক শিক্ষাৰ বিপৰীতে মনোৰঞ্জনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ মাজত কেনেদৰে জ্ঞান বিলাব পাৰি তাৰেই প্ৰচেষ্টা অব্যাহত ৰাখিছে এই সংস্থাটোৱে । বিশেষকৈ নেওতাৰ চৰ্চা, সুন্দৰ হাতৰ আখৰ, এবাকাচ কে ধৰি মুঠ ৬ টা প্ৰকল্প লৈ উপস্থিত হৈছে মঙলদৈৰ কেন্দ্ৰীয় জাতীয় বিদ্যালয়ত । চাৰিদিনীয়াকৈ অনুষ্ঠিত হোৱা কৰ্মশালাত বিভিন্ন গীত নৃত্যৰে ছাত্ৰ ছাত্ৰী সকলক শিক্ষাদান কৰে । এনেধৰণে দিয়া শিক্ষাৰ দ্বাৰা ছাত্ৰ ছাত্ৰী সকলো যথেষ্ট উপকৃত হয় ।

এনেধৰণৰ আন বাতৰিসমূহ