মহানগৰীৰ দক্ষিনগাওত ভয়ংকৰ অগ্নিকাণ্ড !

নিউজনেষ্ট,১৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ মহানগৰীৰ দক্ষিনগাওত ভয়ংকৰ অগ্নিকাণ্ড ৷

মাজনিশা দাউ-দাউকৈ জ্বলি উঠিল এটা নিৰ্মীয়মান অট্টালিকা

অগ্নিকাণ্ডত জাহ গ’ল এটি নিৰ্মিয়মান ৯ মহলীয়া অট্টালিকাৰ ওপৰৰ অংশ ৷

প্ৰগতি কনষ্ট্ৰাকচনৰ অধীনত চলি আছিল অট্টালিকাটোৰ নিৰ্মান কাৰ্য ৷

স্বত্বাধিকাৰীৰ নাম আমান বুলি জানিব পৰা গৈছে ।

অগ্নিকাণ্ডত হতাহত হোৱা নাই কোনো লোকে ৷ শ্ৰমিক সকলে ১০ বজাত কাম শেষ কৰিছিল ৷

চৰ্টশ্বাৰ্কিতৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ সম্ভাৱনা ৷

৯ মহলীয়া নিৰ্মীয়মান অট্টালিকাৰ কাম বদৰুদ্দিন আজমলৰ ভূমিত চলি থকা বুলি জানিব পৰা গৈছে ।

ঘটনাস্থলীত উপস্থিত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহন
২ঘন্টা ধৰি লাগি থকা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনীৰ দলে ।

মাজনিশা ১২.৩০ বজাত সূত্ৰপাত হোৱা জুই পুৱা ৪.৩০ বজা লৈ জুই নুমোৱাবলৈ চেষ্টা অব্যাহত ৰাখিছে অগ্নিনিৰ্বাপন বাহিনীৰ দলে ।

এনেধৰণৰ আন বাতৰিসমূহ