মহিলাসকলৰ বাবে সুখবৰ !

চৰকাৰে এইবাৰ মহিলাসকলক প্ৰদান কৰিব বিনামূলীয়া স্মাৰ্টফোন

নিউজনেষ্ট,২০ আগষ্ট নিউজ ডেস্ক ৰিপৰ্ট : মহিলাসকলৰ বাবে সুখবৰ। চৰকাৰে এইবাৰ মহিলাসকলক প্ৰদান কৰিব বিনামূলীয়া স্মাৰ্টফোন। হয়, এইবাৰ ৰাজস্থান চৰকাৰে হাতত লৈছে এক অভিলাষী আচনি। যাৰ পৰিপ্ৰেক্ষিতত ১.৩৫ কোটি মহিলাক স্মাৰ্টফোন প্ৰদান কৰিব চৰকাৰে। ইয়াৰ বাবে চৰকাৰে ব্যয় কৰিব ১২ হাজাৰ কোটি টকা। এই আঁচনি গ্ৰহণ কৰিছে ৰাজস্থানৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী অশোক গেহলটে। তেওঁৰ এই আঁচনিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে দেশৰ তিনিটা মুখ্য টেলিকম কোম্পানীয়ে। তদুপৰি এই সন্দৰ্ভত এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা অনুসৰি কাৰিকৰী সমিতিৰ নিবিদামূল্যায়ন কৰাৰ পিছত এই মাহত নিজেই এই সন্দৰ্ভত সিদ্ধান্ত ল’ব। তেওঁ কোৱা মতে যিমান সোনকালে সম্ভৱ এই প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব বিচৰা হৈছে যাতে মুখ্যমন্ত্ৰী অষোক গেহলটৰ এই বাজেটীয় ঘোষণা অহা বছৰৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্যকৰী কৰিব পৰা যায়।উল্লেখ্য যে মুখ্যমন্ত্ৰী অশোক গেহলটে এই বছৰ ৰাজ্যিক বাজেটত ‘মুখ্যমন্ত্ৰী ডিজিটেল সেৱা আঁচনি’ ঘোষণা কৰিছিল। ইয়াৰ অধীনত ১.৩৫ কোটি মহিলাক একোটাকৈ স্মাৰ্টফোন বিনামূলীয়াকৈ দিয়াৰ লগতে ৩ বছৰৰ বাবে বিনামূলীয়াকৈ ইণ্টাৰনেট সংযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে।

এনেধৰণৰ আন বাতৰিসমূহ