মাজুলীত এশিঙীয়া গঁড়ৰ সন্ত্ৰাস!

নিউজনেষ্ট,১৮ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ৰাষ্ট্ৰীয় অভ্যয়াৰণ্য কাজিৰঙাৰ পৰা ওলাই অহা অসম গৌৰৱ বিশ্ববিখ্যাত এশিঙীয়া গঁড়ে মাজুলীৰ জনাঞ্চলত অবাধে বিচৰণ কৰিথকা ঘটনাত স্তব্ধ হৈ পৰিছে জন জীৱন। শনিবাৰে পুৱতি নিশাৰ পৰা মাজুলী জেংৰাইমুখ, জেংৰাই চাপৰি, ফুলনি কাৰ্কিচুক, ৰঙাচাহী আদি বিভিন্ন স্থানত অবাধে বিচৰণ কৰি ফুৰা এটা গঁড়ে সন্ত্ৰাস চলাইছে।

জেংৰাইমুখ পৰিদৰ্শন বাংলাৰ সন্মুখৰ গড়মূৰ-জেংৰাই গড়কাপ্তনি পথত বিভিন্ন চাৰিচকীয়া বাহন আগভেটি ধৰি ৰাখে দীৰ্ঘ সময় ধৰি। ইয়াৰ পিছত জেংৰাই চাপৰি বিজু দলেৰ ট্ৰেক্টৰ,মামাউ দলেৰ দেওৰাম ভাঙি থৈ যায়। গঁড় চাবলৈ যোৱা লখিমী বৰপমূৱা ৰ বিজুমনা পেগুৰ ফালচাৰ মটৰচাইকেল আহত কৰে। অৱশ্যে বাইক আৰোহী বিজুমনা পেগুয়ে দৌৰি কথমপি নিজৰ জীৱন ৰক্ষা কৰে। বৰ্তমান ৰঙাচাহীত অৱস্থান কৰিছে এশিঙীয়া গঁড়টো।

এনেধৰণৰ আন বাতৰিসমূহ