মানৱ সমাজক লজ্জানত কৰা ঘটনা!

১০ বছৰীয়া কন্যাক ধৰ্ষণ এজন ৬০'ৰ ঊৰ্দ্ধৰ পাষণ্ডৰ।

নিউজনেষ্ট ০১ এপ্ৰিল,২০২৩: ডুমডুমাত ১০ বছৰীয়া কন্যাক ধৰ্ষণ। গ্ৰেপ্তাৰ ৬৫ বছৰীয়া শিৱ প্ৰসাদ শৰ্মা ওৰফে ভলো উপাধ্যায়।ডুমডুমাৰ বৰডুবি গান্ধী বস্তিত এক ঘৃণনীয় ঘটনা সংঘটিত হোৱা বাতৰি পোহৰলৈ আহিছে। এগৰাকী ৬৫ বছৰীয়া বৃদ্ধই ১০ বছৰীয়া কন্যাক ধৰ্ষন কৰাৰ এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । ২৯ মাৰ্চ তাৰিখে প্ৰায় ৩ বজাত একে গাওঁৰ  ১০ বছৰীয়া কন্যাক মিক্সাৰ কিনি দিয়াৰ প্ৰলোভন দি ডুমডুমা বাইপাচত আনি এই দুষ্কাৰ্য সংঘটিত কৰে লোকজনে। পৰৱৰ্তী সময়ত পৰিয়ালে ঘটনা সন্দৰ্ভত জানিবলৈ পাই পিড়িতাক তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ অনাত চিকিৎসকে ধৰ্ষন হোৱা বুলি জানিবলৈ দিয়ে। পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ডুমডুমা আৰক্ষীয়ে অভিযুক্ত শিৱ প্ৰসাদ শৰ্মাক গ্ৰেপ্তাৰ কৰিছে। অভিযুক্তক কঠুৰ শাস্তি বিহাৰ দাবী জনাইছে অসম চাহ জনজাতি ছাত্ৰ সন্থা ডুমডুমা শাখা আৰু চাহ জনজাতি মহিলা সমিতিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ