মাৰ্ঘেৰিটাত তীব্ৰ বেগী চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনা পতিত।

নিউজনেষ্ট,১০ মাৰ্চ ২০২৩,নিউজডেস্কঃ মাৰ্ঘেৰিটাত তীব্ৰ বেগী চিমেণ্ট ভৰ্তি ট্ৰাক দুৰ্ঘটনাত পতিত।

তিনিচুকীয়াৰ পৰা জাগুন দিশে গৈ থকা চিমেণ্ট ভৰ্তি ট্ৰাকখন আজি ৰাতিপুৱা প্ৰায় ৫ বজাত এই দুৰ্ঘটনা সংঘটিত হয়।

পাঞ্জাৱ বডী ট্ৰাকখনৰ নম্বৰ হৈছে AS- 01- Z- 2295

গাড়ীখন নিয়ন্ত্ৰিত হেৰুৱায় মাৰ্ঘেৰিটা নতুন দলঙৰ ৰেলিং ভাঙি বুঢ়িদিহিং নদীৰ বুকুত বাগৰী পৰে।

ভয়ংকৰ পথ দুৰ্ঘটনাত গাড়ীৰ চালকজনৰ প্ৰাণ ৰক্ষা পৰে যদিও গুৰুত্বৰ আঘাতপ্ৰাপ্ত হৈ মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে।

এনেধৰণৰ আন বাতৰিসমূহ