মুখ্যমন্ত্ৰীৰ মুখত মৰিগাঁৱৰ এজন দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ কথা!

নিউজনেষ্ট,২৫ মাৰ্চ ২০২৩, নিউজডেস্কঃ মুখ্যমন্ত্ৰীৰ মুখত মৰিগাঁৱৰ এজন দুৰ্নীতিগ্ৰস্ত লাট মণ্ডলৰ কথা। সেই মণ্ডলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিব কৈছিল মুকলিকৈ৷ পিছে কোন এইজন মুখ্যমন্ত্ৰীয়ে নাম লোৱা মণ্ডলজন৷ শুনক মৰিগাঁও ৰাইজৰ মুখেৰে৷ একাংশ সংগঠন আৰু এজন ভুক্তভোগীয়ে কলে মৰিগাঁও টাউন মণ্ডল দিলিপ কলিতাৰ কথা৷ হয় মৰিগাঁও টাউন মণ্ডল দিলিপ কলিতাই দীৰ্ঘদিনৰ পৰা কৰি আহিছিল দুৰ্নীতি ৷ অৰ্থাৎ টকা নহলে লৰচৰ নকৰে ফাইল৷ এই বিষয়ে মৰিগাঁও এজন ভুক্তভোগী শিক্ষকে মুখ্যমন্ত্ৰীক Whatsapp ত পোনপটীয়াকৈ দিছিল অভিযোগ৷ মৰিগাঁও টাউন লাটৰ দিলিপ মণ্ডলে প্ৰথমে নিজৰ বাসগৃহত মাতি নি টকা লোৱাৰ লগতে ভাগে ভাগে মুঠতে ২০ হাজাৰ টকা ঘুছ লয়। কিন্তু ইয়াৰ পাছতো কাম কৰি নিদি চুচৰাই আছিল৷ মুখ্যমন্ত্ৰীয়ে এই অভিযোগৰ ভিত্তিত ব্যৱস্থা গ্ৰহনৰ নিৰ্দেশ দিলে মৰিগাঁও উপায়ুক্তক৷ পিছে দিলিপ আছিল এজন RSS ৰ নেতা। যাৰ বাবে সাহস কৰা নাছিল মৰিগাঁও উপায়ুক্তই দিলিপ কলিতাৰ ওপৰত ব্যৱস্থা লবলৈ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কেবল মৰিগাঁও ৰাজহ চক্ৰৰ পৰা মিকিৰভেটা ৰাজহচক্ৰলৈ বদলি হে কৰিলে৷ কিন্তু মৰিগাঁও ভুক্তভোগী আন একাংশৰ মতে এনেকুৱা মণ্ডলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা উচিত বুলি মন্তব্য কৰে৷

এনেধৰণৰ আন বাতৰিসমূহ