মৈৰাবাৰীৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰপচন খান ধিং আৰক্ষীৰ জালত।

নিউজনেষ্ট ৪জুন,২০২৩ : নগাঁও জিলাৰ অন্তৰ্গত মৈৰাবাৰীৰ নিকটৱৰ্তী মাৰ্কেটিঙ বজাৰত স্থানীয় ৰাইজ আৰু গাওঁ ৰক্ষী বাহিনীৰ সহযোগত হাতে লুটে কৰায়ত্ত কৰে এজন ড্ৰাগছ আসক্ত যুৱকৰ লগতে কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক। ড্ৰাগছ সৰবৰাহকাৰী আৰু আসক্ত দুটা ক্ৰমে মৈৰাবাৰীৰ ৰপছন খান আৰু বিপুল। ৰপছন খান পূৰ্বৰে পৰা আৰক্ষীৰ চকুত ধূলি দি মৈৰাবাৰীত গোপনে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই গৈছিল যদিও অৱশেষত ধিংৰ ৰাইজে গাঁওৰক্ষী বাহিনীৰ সহযোগত কৰায়ত্ত কৰে ড্ৰাগছ কুখ্যাত সৰবৰাহ কাৰীটোক। ৰপচনৰ পৰা ধিং আৰক্ষীয়ে এখন নম্বৰ বিহীন স্কুটি, ড্ৰাগছ ভৰ্তি কেণ্টিনাৰৰ লগতে কিছু পৰিমানৰ অবৈধ সামগ্ৰী জব্দ কৰে।  বৰ্তমানে ধিং আৰক্ষীয়ে জিম্মাত লৈ জেৰা অব্যাহত ৰাখিছে ড্ৰাগছ সৰবৰাহকাৰী দুটাক।

এনেধৰণৰ আন বাতৰিসমূহ