মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱত নিজৰ ডিঙি কাটি আত্মহত্যা এজনৰ!

নিউজনেষ্ট,২৬ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষী থানাৰ অন্তৰ্গত হাতীমূৰীয়া গাঁৱত হৈছে এক মৰ্মান্তিক ঘটনা।

🔴আব্দুল আজিজ নামৰ ৬৫ বছৰীয়া বৃদ্ধই কৰিলে আত্মহত্যা।

🔴চোকা অস্ত্ৰৰে নিজৰ ডিঙি নিজে কাটি আত্মহত্যা কৰে আব্দুল আজিজে।

🔴পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি আব্দুল আজিজ এজন মানসিক ৰোগী।
আজিজৰ তেজপুৰ মেণ্টেল হস্পিতালত চিকিৎসাধীন হৈ আছিল।

🔴যদিও এয়া হত্যা নে আত্মহত্যা সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

🔴আনহাতে ঘটনা স্থলীত মৈৰাবাৰী আৰক্ষী উপস্থিত হৈ ঘটনা সন্ধৰ্ভত তদন্ত আৰম্ভ কৰিছে।

এনেধৰণৰ আন বাতৰিসমূহ