মৈৰাবাৰী মণ্ডল বিজেপিৰ যুৱ মৰ্চাৰ উদ্যোগত মূখ্যমন্ত্ৰীৰ জন্মদিন পালন।

নিউজনেষ্ট ০১ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ ১৯৬৯ চনৰ ১ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা অসমৰ মুখ্যমন্ত্ৰী
জালুকবাৰী সমষ্টিৰ পৰা বিধায়ক হিচাবে নিৰ্বাচিত হৈ অসমৰ মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰা ড০ হিমন্ত বিশ্ব শৰ্মা হৈছে ৰাজ্যৰ ১৫ সংখ্যক মুখ্যমন্ত্ৰী।
আজি মুখ্যমন্ত্ৰী গৰাকী জন্মদিন উপলক্ষে মৈৰাবাৰীৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ উদ্যোগত আৰু দলীয় কাৰ্যকৰ্তা সকলৰ সহযোগত এখনি কাৰ্যসূচী হাতত লোৱা দেখা যায়।আজিৰ এই কাৰ্যসূচীত মৈৰাবাৰী এলেকাৰ থকা দৰিদ্ৰ অসহায় লোকক খাদ্য সামগ্ৰী যোগান ধৰে বিজেপিৰ যুৱ মৰ্চাৰ কৰ্মকৰ্তা সকলে।
ইয়াৰ উপৰিও মৈৰাবাৰী সমুহীয়া চিকিৎসালয় আৰু মৈৰাবাৰীস্থিত বৃদ্ধ আশ্ৰমত ফলমূলৰ লগতে পানী যোগান ধৰে দলীয় কৰ্মকৰ্তা সকলে । শেষত মুখ্যমন্ত্ৰী গৰাকীৰ সু -স্বাস্থ্য কামনা কৰে ভাৰতীয় জনতা পাৰ্টীৰ মৈৰাবাৰীৰ মণ্ডলৰ সমূহ দলীয় কৰ্মকৰ্তাই।

এনেধৰণৰ আন বাতৰিসমূহ