মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ মষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰৰ!

নিউজনেষ্ট , ২৪ মাৰ্চ ২০২৩, নিউজডেস্কঃ২৩ বছৰ বয়সতে মৰিগাঁও আৰক্ষীৰ মষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰ হুছেইনৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ।

ছাইবাৰ জগতত প্ৰৱেশৰ প্ৰাকমুহূৰ্তত মৈৰাবাৰীৰ মুচ্ছাবিৰ হুছেইনৰ বাসগৃহ চাওঁক আৰু তিনিবছৰৰ ব্যৱধানত ৰাজপ্ৰসাদ সদৃশ অট্টালিকা।

প্ৰায় তিনি বছৰৰ ব্যৱধানত কেইবা কোটি টকাৰ সা সম্পত্তিৰ মালিক এইজন চাইবাৰ অপৰাধী মুচ্ছাবিৰ ।

উল্লেখ্য যে বহিঃৰাজ্যৰ লগতে অসমৰো বিভিন্ন ব্যক্তিৰ পান কাৰ্ড, আৰু ভুৱা পান কাৰ্ড, আধাৰ কাৰ্ড, ভুৱা নথিপত্ৰ ব্যৱহাৰ কৰি লগতে বেংক একাউন্ট খুলি বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা লোন লৈ লুন্ঠন চলাইছিল এই মুচ্ছাবিৰে।

মৰিগাঁও আৰক্ষীয়ে এনে চাইবাৰ অপৰাধৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি চলাইছিল অভিযান।
বৰ্তমানলৈ ৩২ জন চাইবাৰ অপৰাধীক মৰিগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল যদিও মৈৰাবাৰীৰ মষ্ট ৱাণ্টেড মুচ্ছাবিৰ হুছেইন দীৰ্ঘদিন ধৰি পলাই ফুৰি জামিনৰ বাবে উচ্চ ন্যায়ালয়ৰ কাষচাপি বিফল হোৱাত আজি মৰিগাঁও আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে মষ্ট ৱাণ্টেড চাইবাৰ অপৰাধী মুচ্ছাবিৰ হুছেইন ।

ছাইবাৰ জগতৰ কুখ্যাত অপৰাধী মুচ্ছাবিৰ হুছেইনৰ তিনিবছৰ পূৰ্বে থকা বাসগৃহ আৰু বৰ্তমানৰ ৰাজ অট্টালিকা সদৃশ বাসগৃহ দেখি তদন্তকাৰী আৰক্ষীয়ে কম সময়ত ইমান অগাধ সম্পত্তিৰ মালিক হোৱাৰ তদন্ত অব্যাহত ৰাখিছে বুলি জানিব দিয়ে।

এনেধৰণৰ আন বাতৰিসমূহ