মৰিগাঁও উকিল সন্থাৰ উদ্যোগত সৰ্বধৰ্মীয় সভা!

নিউজনেষ্ট,১৫মাৰ্চ ২০২৩,নিউজডেস্কঃমৰিগাঁও উকিল সন্থাৰ তিনিগৰাকীকৈ অধিবক্তাই মাৰ্চ মাহৰ প্ৰথম সপ্তাহটোতে ইহ সংসাৰৰ পৰা বিদায় মাগিছিল।

জেষ্ঠ অধিবক্তা বিল্লাল হুছেইন, জামালুদ্দিন আহমেদ আৰু নাৰ্জু বেগমক কম সময়ৰ ভিতৰতে হেৰুৱাই সতীৰ্থ অধিবক্তা সকল শোকত ভাগি পৰিছিল।
আজি তিনিওগৰাকী সতীৰ্থ প্ৰয়াত অধিবক্তাৰ আত্মাৰ চিৰশান্তি কামনা কৰি মৰিগাঁও উকিল সন্থাই সন্থাৰ প্ৰেক্ষাগৃহত এখনি সৰ্বধৰ্মীয় সভা অনুষ্ঠিত কৰে।
দহজনকৈ ইছলাম ধৰ্ম ধৰ্মীয় গুৰুয়ে কোৰাণ পাঠ, দোৱা প্ৰাৰ্থনা আদি কৰি প্ৰয়াত অধিবক্তা কেইগৰাকীৰ আত্মাৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ ওপৰিও জীবিত সকলৰ মংগল কামনা কৰে।
একেদৰে কেইবাগৰাকী পাঠকে ভাগৱত পাঠ কৰি প্ৰয়াত অধিবক্তা কেইজনৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে।

এনেধৰণৰ আন বাতৰিসমূহ