মৰিগাঁৱত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু!

নিউজনেষ্ট, ২৮ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱত পুৱাই উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। মৰিগাঁৱৰ কেইবাটাও চৰকাৰী আৰু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানৰ উপৰিও ভাৰতীয় জনতা পাৰ্টী, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ বহু অনুষ্ঠানত উপস্থিত হব মন্ত্ৰী গৰাকীয়ে। RSS কৰ্মী সকলৰ সন্মুখত মন্তব্য কৰে যে ২০২৪ ৰ লোকসভা নিৰ্বাচন বিজেপিৰ বাবে বহুত কৃতিকেল হয়। নৰেন্দ্ৰ মোডীৰ নেতৃত্বত দহ বছৰীয়া হব বিজেপি চৰকাৰ। এই দহ বছৰীয়া শাসন কালত ভেটিটো বহু শক্তিশালী হৈছে। ভেটি শক্তিশালী হোৱাৰ বাবে ভাৰতৰ ইমেজটো সলনি হৈছে। এতিয়া যদি আমি অভাৰ কনফিডেণ্ট হৈ যাওঁ বা লেজি হৈ যাওঁ তেনেহলে দহ বছৰত কৰা গোটেই উন্নয়ন ব্ৰহ্মপুত্ৰ নদীত পেলাই দিয়া নিচিনা হৈ যাব।

এনেধৰণৰ আন বাতৰিসমূহ