মৰিগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান!

নিউজনেষ্ট,০৭ মাৰ্চ ২০২৩,নিউজডেস্কঃ মৰিগাঁও আৰক্ষীৰ খৱৰ যোগনীয়া হিচাপে কামকৰা টুটু আজি ৰঙাঘৰত।
মৰিগাঁৱত ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
মৰিগাঁও বৰিগাঁওৰ পৰা বুজন পৰিমাণৰ সন্দেহজনক ড্ৰাগছ সহ নেচিমউদ্দিন @ টুটু নামৰ এজনক আটক।
জানিব পৰা মতে ধৃত নেচিমউদ্দিন @ টুটু মৰিগাঁও আৰক্ষীৰ খৱৰ যোগনীয়া হিচাপে আছিল।
ধৃত নেচিমউদ্দিনে বৰিগাঁওৰ নিজ বাসগৃহৰ পৰাই সমাজ ধংসকাৰী বৰবিষ ড্ৰাগছৰ ব্যৱসায় কৰি আহিছিল বুলি আৰক্ষীয়ে জানিব পাৰি আজি অভিযান চলাই চাবোনৰ বাকছত এক বাকচ সন্দেহজনক হিৰ’ইন কেইবাটাও ড্ৰাগছ ভৰ্তি কন্টেনাৰ নগদ প্ৰায় ২৬ হাজাৰ টকা সহ নিজ বাসগৃহৰ পৰাই আটক কৰে মৰিগাঁও আৰক্ষীয়ে ।
উল্লেখ্য যে অভিযান কালত নেচিমউদ্দিনৰ পৰিয়ালৰ এগৰাকী ভগ্নী শাৰীৰিক অসুস্থ হৈ পৰাত আৰক্ষীয়ে ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে।

এনেধৰণৰ আন বাতৰিসমূহ