মৰিগাঁৱৰ সগুণবাঁহী গাঁৱত আটক তিনিজন চাইবাৰ অপৰাধী!

নিউজনেষ্ট,২৫ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ

  • VDP’ৰ সভাপতিৰ ঘৰত উদ্ধাৰ চাইবাৰ অপৰাধত ব্যৱহৃত চিম কাৰ্ড।
  • চাইবাৰ অপৰাধীৰ বিৰুদ্ধে সক্ৰিয় মৰিগাঁও আৰক্ষী।
  • মৈৰাবাৰীৰ সগুণবাঁহী গাঁৱত চোৰাংচোৱাৰ অভিযানত আটক তিনিজনকৈ চাইবাৰ অপৰাধী।
  • ধৃত চাইবাৰ অপৰাধী তিনিটাৰ নাম ক্ৰমে: ইছাহাক আলি,ৰাববুল ইছলাম আৰু গীয়াছ উদ্দীন।
  • ধৃত তিনিও জনৰ ঘৰ মৈৰাবাৰীৰ সগুনবাঁহী গাঁৱত।
  • নিশা মৰিগাঁও জিলা চোৰাংচোৱাৰ এটা অভিযানকাৰী দলে ইছাহাক আলি আৰু ৰাববুল ইছলামৰ ঘৰত পৃথকে পৃথকে তালাচী চলাই উদ্ধাৰ কৰে বুজন পৰিমাণৰ চাইবাৰ অপৰাধত ব্যৱহৃত অবৈধ সামগ্ৰী।
  • এক গোপন সূত্ৰৰ ভিত্তিত মৰিগাঁও জিলা চোৰাংচোৱাই মৈৰাবাৰী আৰক্ষীৰ সহযোগত দুয়োজনৰ ঘৰৰ পৰা উদ্ধাৰ কৰে ১৭২০ খন চিম কাৰ্ড,১১ টা মোবাইল ফোনৰ লগতে বুজন পৰিমাণৰ অবৈধ সামগ্ৰী।
এনেধৰণৰ আন বাতৰিসমূহ