যোৰাবাট আৰক্ষীৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান!

নিউজনেষ্ট ৩০ জানুৱাৰী ২০২৩, নিউজ ডেস্কঃ

যোৰাবাট আৰক্ষীৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান । অভিযানত জব্দ চোৰাং গৰুসহ বাহন,আটক বাহনৰ চালক।কামৰূপ মহানগৰ জিলাৰ যোৰাবাট আৰক্ষীৰ ড্ৰাগছ, গাঞ্জা, চোৰাং গৰু চুৰি চক্ৰকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এই অভিযান অব্যাহত থকাৰ সময়তে যোৰাবাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ এক গোপন খবৰৰ ভিত্তিত আজি দিনৰ প্ৰায় ১২.৩০ বজাত অভিযান চলাই যোৰাবাটত চোৰাং গৰুৰ লগতে গৰু কঢ়িওৱা ছুপ্ৰ’ মেক্সি ট্ৰাক টি২ বাহনসহ চালকজনক আটক কৰিবলৈ সক্ষম হয় । যোৰাবাট আৰক্ষীয়ে আটক কৰা লোকজন হ’ল কামৰূপ জিলাৰ ছয়গাঁও আৰক্ষী থানাৰ অন্তৰ্গত মহাবিৰ পথাৰৰ জচীম আলী । জব্দকৃত বাহনখনৰ নম্বৰ হ’ল এ এছ ০১ এল চি ৩৮৩৪ । জানিব পৰা মতে, চোৰাং বেপাৰীয়ে মৰিগাঁও দিশৰ পৰা মেঘালয়ৰ বৰ্নিহাটলৈ লৈ গৈ থকা অৱস্থাতে যোৰাবাট আৰক্ষীয়ে অভিযান চলাই চোৰাং গৰুৰ লগতে বাহনসহ লোক জনক আটক কৰিবলৈ সক্ষম হয় । আটকাধীন লোকজনক সম্প্ৰতি যোৰাবাট আৰক্ষী চকীত জেৰা অব্যাহত ৰাখিছে ।

এনেধৰণৰ আন বাতৰিসমূহ