যোৰাবাট আৰক্ষীৰ বাইক চুৰি গেঙৰ বিৰুদ্ধে বৃহৎ সাফল্য!

নিউজনেষ্ট,২১ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ মহানগৰীৰ ভিন্ন স্থানত বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা বাইক চোৰৰ ৮জনীয়া বৃহৎ গেং কৰায়ত্ব।

উদ্ধাৰ দুখন চুৰি স্কুটী, এখন KTM আৰু এখন হিৰ স্প্লেন্ডাৰৰ লগতে জব্দ কৰে এটা মাষ্টাৰ কি আৰু চুৰি কাৰ্যৰ সৈতে ব্যৱহৃত এখন নম্বৰ প্লেট।

ধৃত চোৰকেইটা সোণাপুৰৰ হৰিশ দাস আৰু দিপু তেৰণ, মাজুলীৰ দিব্যজ্যোতি শ‌ইকীয়া, নংপোৰ চেমফাং চেডাপ, মালডিনী চাংগিলীয়াং, বান্দ্ৰাপ্লাং মালাই, জোদামিন মালাই আৰু বিকি মালাই।

উল্লেখ্য যে দীৰ্ঘদিন ধৰি মহানগৰীৰ ভিন্ন স্থানত বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল উক্ত গেংটোৱে।

ঘটনা সন্দৰ্ভত যোৰাবাট আৰক্ষীৰ তদন্ত অব্যাহত আছে।

এনেধৰণৰ আন বাতৰিসমূহ