লাভলীনাৰ নাম উচ্চাৰিত হ’ল ৰাজ্যসভাত!

নিউজনেষ্ট, ২৮ মাৰ্চ ২০২৩, নিউজডেস্কঃমহিলা বিশ্ব বক্সিং ছেম্পিয়নশ্বিপত অষ্ট্ৰেলিয়াৰ প্ৰতিদ্বন্দ্বিক হৰুৱাই স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছিল লাভলীনা। ভাৰতৰ পৰা মুঠ ৪ গৰাকী বক্সাৰে কেইবাটাও শাখাত পদক লাভ কৰি দেশৰ বাবে সুনাম কঢ়িয়াই আনে।এইবাৰ লাভলীনাৰ নাম উচ্চাৰিত হ’ল ৰাজ্যসভাত। ভাষণ প্ৰদান কৰি ৰাজ্যসভাৰ অধ্যক্ষ তথা উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়ে ৪ মহিলা বক্সাৰৰ প্ৰশংসা কৰে। তেওঁ কয় যে,” এয়া আমাৰ বাবে গৌৰৱৰ মুহূৰ্ত। আমাৰ মহিলা বক্সাৰ সকলে বিশ্ব মহিলা বক্সিং ছেম্পিয়নশ্বিপত ৪ টাকৈ স্বৰ্ণ অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনে। নিখট জাৰিন, লাভলীনা বৰগোহাঁই, নিতু গনঘচ আৰু চুইটা বৰালৈ আমাৰ শুভকামনা। তেওঁলোকৰ উৎকৃষ্ট সাফল্যই ভাৰতৰ ভৱিষ্যতক উচ্চতালৈ লৈ যাব, যুৱ উচ্চাকাংক্ষী খেলুৱৈসকলক অনুপ্ৰেৰণা যোগাব” ।

এনেধৰণৰ আন বাতৰিসমূহ