লাহৰীঘাটত পুনৰ এগৰাকী মহিলাক অচেতন কৰি লুটপাট!

নিউজনেষ্ট,১০ মাৰ্চ ২০২৩,নিউজডেস্কঃ লাহৰীঘাটত পুনৰ এগৰাকী মহিলাক অচেতন কৰি লুটপাট।

লাহৰীঘাট বজাৰৰ নিচেই কাষতে সংঘটিত হয় এক দিন-ডকাইতিৰ ঘটনা।

দুৰ্বৃত্তই এগৰাকী বৃদ্ধাক অচেতন কৰি লুটি লৈ যায় ৪৯ হাজাৰ টকা।

মহিলা গৰাকীয়ে লাহৰীঘাট পি, এন, বি বেংকৰ পৰা PMAY গৃহৰ ধন উঠাই লৈ যোৱাৰ সময়তে ঘটনাটো সংঘটিত হয়।

বৃদ্ধা গৰাকীক একাংশ লোকে ৰাস্তাৰ কাষত অচেতন হৈ পৰি থকা দেখি লাহৰীঘাট আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে মহিলা গৰাকীক উদ্ধাৰ কৰি লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰায়।

বৰ্তমান বৃদ্ধা গৰাকী লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

মহিলা গৰাকী ভূৰাগাঁৱৰ বটালিমাৰি গাঁৱৰ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, কিছুদিন পূৰ্বে লাহৰীঘাটত আন এগৰাকী মহিলাক অচেতন কৰি দূৰ্বৃত্বই লুটি নিছিল ধন ।

এনেধৰণৰ আন বাতৰিসমূহ