লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কংগ্ৰেছী নেতা আটক।

নিউজনেষ্ট ৩১ মাৰ্চ ২০২৩ : লাহৰীঘাটত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ কংগ্ৰেছী নেতা আটক। যোৱা নিশা লাহৰীঘাট আৰক্ষীয়ে অভিযান চলাই বোৱালগুৰিৰ পৰা ড্ৰাগছ সহ কংগ্ৰেছী নেতা সোজা উদ্দিনক আটক কৰে। ধৃত কংগ্ৰেছী নেতা সোজা উদ্দিনৰ পৰা আৰক্ষীয়ে ৯টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু এখন বাইক জব্দ কৰে। সম্প্ৰতি আটকাধীন ধৃত সোজা উদ্দিনক লাহৰীঘাট থানাত সোধপোচ অব্যাহত ৰাখিছে। কংগ্ৰেছী নেতা ধৃত সোজা উদ্দিন দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহ কৰি আহিছে বুলি জানিব পৰা গৈছে। ড্ৰাগছ সৰবৰাহকাৰী সূজা উদ্দিন যুৱ কংগ্ৰছৰ কৰ্মী বুলি জানিব পৰা গৈছে। ইতিমধ্যে লাহৰীঘাট আৰক্ষীয়ে ১১৫/২০২৩নম্বৰত গোচৰ পঞ্জীয়ন কৰে ।

এনেধৰণৰ আন বাতৰিসমূহ