লাহৰীঘাটৰ টেঙাগুৰি সমবায় সমিতিৰ চাউল জব্দ !

নিউজনেষ্ট,২৫ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ মৰিগাঁও জিলা প্ৰশাসনে খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পাছতো একাংশ এজেন্ট দোকানীয়ে চোৰাংকৈ চাউল বিক্ৰী কৰা বন্ধ কৰা নাই।আজি টেঙাগুৰি সমবায় সমিতিৰ এজেন্ট এজনৰ পৰা চাউল
চোৰাংকৈ বিক্ৰীৰ বাবে লৈ যোৱাৰ সময়তে ৰাইজে জব্দ কৰে ৮ বেগকৈ চাউল।
অঞ্চলটোৰ ঔতলাবড়ীত গাৱৰ ৰাইজে জব্দ কৰে চাউলৰ বেগ ।ই-ৰিক্সাৰে চাউল লৈ যোৱা সময়তে ৰাইজে জব্দ কৰি লাহৰীঘাট আৰক্ষীক খবৰ দিয়ে । আৰক্ষীৰ অহাৰ খবৰ পাই চোৰাং ব্যৱসায়ী টমটমৰ চালকজনো পলায়ন কৰে।
আৰক্ষীয়ে বাহনসহ চাউলখিনি লাহৰীঘাট থানালৈ লৈ আনি তদন্ত অব্যাহত ৰাখিছে ।

এনেধৰণৰ আন বাতৰিসমূহ