লাহৰীঘাট আৰক্ষীৰ জালত পাঁচ জুৱাৰী

নিউজনেষ্ট,২৪ ফেৱ্ৰুৱাৰী ২০২৩: লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তিনিচুকীয়াৰ পৰা আটক কৰে পাচ জুৱাৰীক।নিশা মাকৈ খেতিৰ মাজত খেলি থকা অৱস্থাত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় জুৱাৰী কেইটাক।ধৃত জুৱাৰী কেইটা ক্ৰমে বটাবড়ী গাঁৱৰ ইক্ৰামুল হুছেইন (৩২) আৰু আব্দুল ৰৌফ(২৮)। ঔতলাবড়ী গাঁৱৰ মহিদুল ইছলাম (৪৫), আৰু জাহিদুল ইছলাম (৩৬)।জালোপট্টীৰ শ্বহিদুল ইছলাম (৩৮) ক নিশা লাহৰীঘাট আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম হয়।জুৱাৰী কেইটাৰ পৰা আৰক্ষীয়ে জুৱা খেলত ব্যৱহৃত সামগ্ৰীসমূহৰ লগতে ২৯১০০ টকা উদ্ধাৰ কৰে।বৰ্তমান আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে।

এনেধৰণৰ আন বাতৰিসমূহ