শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবীত উত্তাল নগাঁও!

নিউজনেষ্ট,১৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ পদত্যাগৰ দাবীত উত্তাল নগাঁও।

শিক্ষা মন্ত্ৰী ডঃ ৰনোজ পেগু এগৰাকী ব্যৰ্থ মন্ত্ৰী/ তেওঁ অতিশীঘ্ৰে পদত্যাগ কৰিব লাগে।

সোমবাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞানৰ প্ৰশ্ন কাকত বাতিলক লৈ নগাঁও জিলা ছাত্ৰ সন্থাই চেবা আৰু শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্ত্তি দাহ কৰি ডঃৰনোজ পেগুৰ কাম নাই ধ্বনিৰে উত্তাল কৰে নগাঁৱৰ ৰাজপথ।

 

আনহাতে ছাত্ৰ সন্থাৰ প্ৰতিবাদী স্থলীত এগৰাকী পৰীক্ষাৰ্থীৰ অভিভাৱকেও শিক্ষা মন্ত্ৰী গৰাকীৰ পদত্যাগৰ দাবী তুলিলে।

 

অভিভাৱক গৰাকীৰ মতেও তেওঁ এগৰাকী ব্যৰ্থ শিক্ষা মন্ত্ৰী।

 

বহু কষ্টৰে নিজ সন্তানক পঢ়ুৱাইছে/ কিন্তু আজি প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে সন্তানে পৰীক্ষা দিব নোৱাৰিলে।

 

সেবাত বহু বেমেজালি/ এনেকুৱা সেবা থাকিব নালাগে বুলিও কলে অভিভাৱক গৰাকীয়ে।

এনেধৰণৰ আন বাতৰিসমূহ