শিমলুগুৰিস্থিত নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰত প্ৰাকৃতিক কৃষি বিষয়ক সভাগতা শিবিৰ!

নিউজনেষ্ট ০৭ ফেৱ্ৰুৱাৰী ২০২৩, নিউজডেস্কঃ আজি দিনৰ ভাগত নগাঁও চহৰৰ সমীপৰ শিমলুগুৰি স্থিত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত প্ৰাকৃতিক কৃষি বিষয়ত এখনি সজাগতা সভা অনুস্থিত হয়৷বিশেষকৈ কৃষি কাৰ্যত ৰাসায়নিক সাৰৰ প্ৰয়োগৰ বিপৰীতে জৈৱিক সাৰ ব্যৱহাৰেৰে অধিক শস্য উৎপাদন কৰিব পৰাৰ কথা কৃষি বিজ্ঞানী নিৰঞ্জন ডেকাই জানিবলৈ দিয়ে৷ৰাসায়নিক সাৰ বা ঔষধ কৃষিকাৰ্যত ছটিওৱাৰ পিছত কৃষিত অনুজীৱবোৰৰ মৃত্যু হয় যাৰ হেতু কৃষিকৰ্মত কৃষি উৎপাদন উন্নত নহয়৷বৰ্তমান ভাৰত চৰকাৰে কৃষি কাৰ্যত জৈৱিক সাৰ ব্যৱহাৰ আৰু কৃষকসকলক সজাগ কৰিবৰ বাবে যি ব্যৱস্থা গ্ৰহণ সেই উদ্দেশ্যৰে আজিৰ সভাখন অনুস্থিত কৰাৰ কথা ব্যক্ত কৰে৷উক্ত অনুস্থানত নগাঁও জিলা কৃষি বিষয়াৰ লগতে কেইবাজনো কৃষি বিজ্ঞানী তথা কৃষি বিজ্ঞানৰ ছাত্ৰ ছাত্ৰী উপস্থিত থকা পৰিলক্ষিত হয়৷

 

এনেধৰণৰ আন বাতৰিসমূহ