শ্বহীদৰ পৰিয়ালক ২০ লাখকৈ টকা শীঘ্ৰে প্ৰদানৰ দাবী জাতীয় পৰিষদৰ !

নিউজনেষ্ট,১১ মাৰ্চ ২০২৩,নিউজডেস্কঃ ১৯৯৪ চনৰ এটা ঘটনাই জোকাৰি গৈছিল তিনিচুকীয়া জিলাৰ ডাঙৰীৰ লগতে সমগ্ৰ ৰাজ্য ৷ ডাঙৰীত ভূৱা আলফা সদস্য সজাই সেনাই নিৰ্মম ভাৱে হত্যা কৰিছিল পাঁচজনকৈ তেজাল যুৱকক ৷ ইয়াৰ পিছতেই এতিয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত পুনৰ তিনিচুকীয়া জিলাৰ ডাঙৰীৰ পঞ্চ শ্বহীদৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল ৷ ১৯৯৪ চনতে সেই সময়ৰ আছুৰ উপ সভাপতি জগদীশ ভূঞাই গুৱাহাটী উচ্চ ন্যায়ালয়ত ৫ জন শ্বহীদৰ হৈ গোচৰ তৰিছিল ৷ ২৯ টা বছৰে অব্যাহত আছিল ন্যায়ৰ যুঁজ ৷ অৱশেষত যোৱা ৯ মাৰ্চ তাৰিখে উচ্চ ন্যায়ালয়ে প্ৰদান কৰিলে ঐতিহাসিক ৰায়দান ৷ নিৰীহ পঞ্চ শ্বহেদৰ পৰিয়ালক ক্ষতিপূৰণ হিচাবে কেন্দ্ৰীয় চৰকাৰক ২০ লাখকৈ টকা প্ৰদানৰ নিৰ্দেশ ৷ উল্লেখযোগ্য যে সেইসময়ত আলফাৰ সন্দেহত ৯ জনকৈ যুৱকক শোৱাপাটীৰ পৰা উঠাই নিছিল ৷ ৫ জনক অতি নৃশংসভাৱে হত্যা কৰিছিল ভাৰতীয় সেনাই । অবশেষত ন্যায় পালে পঞ্চ শ্বহীদৰ পৰিয়ালে ৷ উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পাছত আজি অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিয়ে জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ নিৰ্দেশ মৰ্মে পঞ্চ শ্বহীদৰ সমাধি স্থলীত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠান অনুষ্ঠিত কৰে ৷ জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ নেতৃত্বই শীঘ্ৰেই পঞ্চ শ্বহীদৰ পৰিয়াল বৰ্গৰ বাবে উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰিবলে দিয়া ২০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিবলৈ দাবী জনাই ৷ যি দৰে শ্বহীদৰ পৰিয়ালে ন্যায়ৰ বাবে ২৮ টা ৰব লগীয়া সেইদৰে ক্ষতিপূৰণৰ বাবে ২৯ দিন ৰব লগীয়া নহবলৈ চৰকাৰলৈ আহ্বান জনায় ৷

এনেধৰণৰ আন বাতৰিসমূহ