সমুজ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ!

নিউজনেষ্ট,১৬ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ NRCৰ প্ৰাক্তন সমন্বয়ক হিতেশ দেৱ শৰ্মাই আছুৰ মুখ্য উপদেষ্টা সমুজ্বল ভট্টাচাৰ্যৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ। উল্লেখ্য যে, প্ৰতীক হাজেলাৰ পৰা সমুজ্বল ভট্টাচাৰ্যই NRC কেলেংকাৰীৰ ভাগ হিচাপে প্ৰতি মাহে ১৬ লাখকৈ টকা লোৱাৰ সন্দৰ্ভত হিতেশ দেৱ শৰ্মাই অভিযোগ উত্থাপন কৰিছিল।

এই সন্দৰ্ভত অখিল গগৈয়ে কয় যে, অভিযোগ কৰা মানুহজন নিজে NRC ৰ প্ৰাক্তন সমন্বয়ক, যি সময়ত কেলেংকাৰী হৈছে বুলি অভিযোগ উত্থাপিত কৰিছে সেই সময়ত তেওঁ NRC ৰ দ্বায়িত্বত আছিল। সেয়েহে এতিয়া সমুজ্বল ভট্টাচাৰ্যই নিজৰ স্থিতি স্পষ্ট কৰা উচিত ।

আছু উপদেষ্টাগৰাকীৰ বিৰুদ্ধে পোনপটীয়াকৈ এনে অভিযোগ উত্থাপিত হোৱা ভাল লক্ষণ নহয়। সেয়েহে অনতিপলমে সমুজ্বল ভট্টাচাৰ্যক এই ক্ষেত্ৰত মুখ খুলিবলৈ আহ্বান জনায় অখিল গগৈয়ে।

এনেধৰণৰ আন বাতৰিসমূহ