সোণাপুৰত অনুষ্ঠিত মাতৃ কিশোৰী মেলা!

নিউজনেষ্ট,১৩ মাৰ্চ ২০২৩,নিউজডেস্কঃ জিলা প্ৰশাসন,  মহিলা আৰু শিশু বিকাশ  বিভাগ কামৰূপ মহানগৰ  জিলাৰ উদ্যোগত বেটি বচাও বেটি পঢাওঁ আঁচনিৰ অধীনত আজি ডিগাৰু গাওঁ পঞ্চায়তৰ চেনিমুৰত মাতৃ কিশোৰী মেলা অনুষ্টিত কৰা হয় ৷এই মাতৃ কিশোৰী মেলাত  জিলা মহিলা সৱলীকৰন কেন্দ্ৰ আৰু ডিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্পৰ  19  টা অংগনৱাডী  চক্ৰই কাৰিকৰী ক্ষেএত বিশেষ ভাবে সহায় কৰে ৷ ইয়াৰ লগত সংগতি ৰাখি কিশোৰী  মাতৃৃৰ বাবে কেনেকুৱা আইৰন যুক্ত  খাদ্যৰ প্ৰয়োজন  হয় তাৰ ওপৰতো   এথন খাদ্য মেলা  অনুষ্টিত কৰা হয় ৷ একে সময়তে উপস্হিত থকা  মহিলা আৰু কিশোৰী  সকলৰ হিমগ্লবীন পৰীক্ষা কৰাৰ বাবে  এটি স্বাস্হ্য শিৱিৰ কৰা হয় ৷ ইপিনে কিশোৰী  সকলৰ মাজত এটি কুইজ প্ৰতিযোগিতা অনুষ্টান অনুষ্টিত কৰি বিজয়ী কিশোৰী  সকলৰ মাজত পুৰস্কৃত কৰা হয় ৷ আনহাতে   এচ আৰ এফ   Foundation ৰ জৰিয়তে কিশোৰী  সকলৰ মাজত থিতাতে কম্পিউটাৰ শিক্ষাৰ ওপৰতো ব্যৱস্হা কৰা হয় ৷আজিৰ এই অনুষ্টানত জিলা সমাজ কল্যান বিষয়া  সন্টুস কুতুম,  সোণাপুৰ PHC ৰ স্বাস্হ্য বিষয়া নৱ কুমাৰ ভট্ৰাচাৰ্য, ডিগাৰু গাওঁ পঞ্চায়তৰ সভানেএী মিনু মিথিয়া, দিছপুৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কমল শৰ্মাৰ লগতে জিলা সমাজ কল্যান বিষয়া কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰী , ডিমৰীয়া সংহত শিশু উন্নয়ন প্ৰকল্প কাৰ্যালয়ৰ মূখ্য সেৱিকা,  অংগনৱাডী কৰ্মীৰ লগতে কিশোৰী আৰু মাতৃ সকল উপস্থিত থাকে ৷

এনেধৰণৰ আন বাতৰিসমূহ