সোণাপুৰত কাৰ ছাত্ৰছায়াত চলিছে চোৰাং কাঠৰ বেহা?

বাঁহৰ তলত অতি কৌশলেৰে চোৰাং কাঠ সৰবৰাহ।

নিউজনেষ্ট, ২১ মাৰ্চ ২০২৩,নিউজডেস্কঃ অসমত এইবাৰ বনজ সম্পদ সৰবৰাহত আৰম্ভ হৈছে ন ন কৌশল। পুষ্পা চিনেমাৰ কায়দাৰে বন মাফিয়াই অবৈধভাৱে অতি মূল্যবান কাঠ সৰ্বৰাহৰ ছবি পোহৰলৈ আহিছে অসমত।সোণাপুৰত বন বিভাগৰ অভিযানত বৃহৎ পৰিমাণৰ চুৰাং চেগুন কাঠৰ কুণ্ডা জব্দ।UP 61 AT 3183 নম্বৰৰ এখন চৈধ্য চকীয়া পাঞ্জাৱ বডী ট্ৰাকত বাহৰ মাজত অতি কৌশলেৰে কাঠৰ কুণ্ডা সমূহ বোজাই কৰি বহি ৰাজ্যলৈ সৰবৰাহ কৰি নি থকাৰ অৱস্থাতে নিশা ১৩ মাইলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা জব্দ কৰে কাঠৰ কুণ্ডা ভৰ্ত্তী উক্ত ট্ৰাকখন।

#সোণাপুৰৰ কমাৰকুছিৰ পৰা উক্ত কাঠখিনি বোজাই কৰি উত্তৰ প্ৰদেশলৈ সৰবৰাহৰ চেষ্টা কৰিছিল বুলি জানিব পৰা গৈছে।

#ইফালে কাঠ সৰবৰাহৰ লগত সোণাপুৰৰ জনৈক আগৰৱালা উপাধিৰ এগৰাকী ব্যৱসায়ী জড়িত থকা বুলি জানিব গৈছে।

# ঘটনা সন্দৰ্ভত ট্ৰাকখনৰ চালক উত্তৰ প্ৰদেশৰ গৌৰী শংকৰ যাদৱ(৩৮) নামৰ এগৰাকী লোকক আটক কৰিছে।
# ট্ৰাকখন জব্দ কৰাৰ পিছতে সোণাপুৰৰ কমাৰকুছিৰ এটি গোদামত ৰাখি থোৱা অৱস্থাত ২৭টাকৈ চেগুনৰ কুণ্ডা জব্দ কৰিবলৈ সক্ষম হয় বন বিভাগৰ দলে।

ইফালে ট্ৰাক খনৰ চালকে জানিব দিয়া মতে ট্ৰাক খনত বাঁহ নিয়া হব বুলি অনলাইন যুগে বুকিং কৰিছিল সোণাপুৰৰ এজন লোকে । ইতিমধ্যে এই সন্দৰ্ভত বন বিভাগে প্ৰকৃত তথ্যৰ বাবে অনুসন্ধান অব্যাহত ৰাখিছে

এনেধৰণৰ আন বাতৰিসমূহ