সোণাপুৰত পশুপালন আৰু পশু খাদ্যৰ ওপৰত সজাগতা সভা।

নিউজনেষ্ট, ২৭ ফেৱ্ৰুৱাৰী ২০২৩,নিউজডেস্কঃ বিজ্ঞানসন্মত ভাৱে পশু পালনৰ জৰিয়তে কৃষক তথা পশু পালক সকলক লাভম্বিত কৰাৰ উদ্দেশ্যেৰে সোণাপুৰত
পশু পালন তথা পশু চিকিৎসা বিভাগৰ বিশেষ পদক্ষেপ। ৰাষ্ট্ৰীয় পশু ধন অভিযানৰ অন্তৰ্গত পশু পালন তথা পশু চিকিৎসা বিভাগৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণাপুৰ খণ্ড পশু চিকিৎসা কেন্দ্ৰত পশু পালন, আৰু পশু খাদ্যৰ ওপৰত এক সজাগতা মূলক প্ৰশিক্ষণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত সভাত কামৰূপ মহানগৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অহা হিতাধিকাৰী কৃষক তথা পশু পালক সকলক পশু পালন, পশু খাদ্য তথা পশু চিকিৎসা সন্দৰ্ভত সজাগ কৰাৰ লগতে প্ৰশিক্ষণ প্ৰদান কৰা হয়। ৫ গৰাকীকৈ অভিজ্ঞ প্ৰশিক্ষকে প্ৰশিক্ষণ প্ৰদান কৰি উৎসাহিত কৰে হিতাধিকাৰী সকলক। উল্লেখ্য যে এই অনুষ্ঠানটিতে বিভিন্ন ধৰণৰ পুষ্টিকৰ পশু খাদ্যৰ বিষয়ে অৱগত কৰোৱাৰ লগতে প্ৰশিক্ষণৰ শেষত প্ৰতিগৰাকী অশগ্ৰহনকাৰীক একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

এনেধৰণৰ আন বাতৰিসমূহ